বাঘজানৰ জুই নিৰ্বাপনত ব্যৰ্থ অইল, নিৰ্গত গেছ উৎপাদনক্ষম কৰি তোলাৰ চিন্তা–চৰ্চা

News18 Assam | News18-Assam
Updated:September 2, 2020, 7:29 PM IST
বাঘজানৰ জুই নিৰ্বাপনত ব্যৰ্থ অইল, নিৰ্গত গেছ উৎপাদনক্ষম কৰি তোলাৰ চিন্তা–চৰ্চা
খাদটোৰ পৰা নিৰ্গত গেছ তেনেদৰে পাইপলাইনেৰে ই পি এছলৈ নি উ‌ৎপাদনক্ষম কৰি তুলিলে অগ্নিকাণ্ড সংঘটিত খাদৰ গেছ নিৰ্গমনৰ চাপ হ্ৰাস পাব বুলিও ধাৰণা কৰিছে অইল কৰ্তৃপক্ষই‌।

খাদটোৰ পৰা নিৰ্গত গেছ তেনেদৰে পাইপলাইনেৰে ই পি এছলৈ নি উ‌ৎপাদনক্ষম কৰি তুলিলে অগ্নিকাণ্ড সংঘটিত খাদৰ গেছ নিৰ্গমনৰ চাপ হ্ৰাস পাব বুলিও ধাৰণা কৰিছে অইল কৰ্তৃপক্ষই‌।

  • Share this:
তিনিমাহ ধৰি অহৰহভাৱে জ্বলিয়েই আছে বাঘজান তৈলখাদৰ জুই। তিনিবাৰকৈ বাঘজান তৈলখাদৰ জুই আৰু গেছ নির্গমন নিয়ন্ত্রণ কৰিবলৈ চেষ্টা চলোৱাৰ পিছতো সফল নোহোৱাত  দিশহাৰা  হৈ পৰিছে অইল ইণ্ডিয়া লিমিটেড। তৈলখাদৰ উচ্চ চাপৰ গেছ প্রৱাহ বন্ধ কৰাত ব্যর্থ হোৱা ছিংগাপুৰ এলার্ট ডিজেষ্টাৰ কোম্পানীৰ বিশেষজ্ঞসকলৰ লগতে আইল, অ’ এন জি চিৰ মাজতে এতিয়া পৰৱর্তী অপাৰেচনক লৈ মতৰ পার্থক্য সৃষ্টি হৈছে৷

ইফালে, বাঘজানৰ অগ্নিকাণ্ড বৰ্তমানে কি পৰিস্থিতিত আছে তাক লৈ যোৱা ২১ আগষ্টৰ পৰা অইল ইণ্ডিয়াই দিয়া নাই কোনোধৰণৰ প্রেছ বিবৃতি৷ শেহতীয়া খবৰ অনুসৰি, অগ্নি নিৰ্বাপনত বিফলতাৰ পিছত অইল কৰ্তৃপক্ষই বি অ’ পিত  পাইপ সংযোগ কৰি বাঘজান ই পি এছ অৰ্থাৎ (Early Production Station) লৈকে নিৰ্গত হৈ থকা গেছখিনি নি উৎপাদনক্ষম কৰি তোলাৰ প্ৰচেষ্টা চলাইছে।

খাদটোৰ পৰা নিৰ্গত গেছ তেনেদৰে পাইপলাইনেৰে ই পি এছলৈ নি উ‌ৎপাদনক্ষম কৰি তুলিলে অগ্নিকাণ্ড সংঘটিত খাদৰ গেছ নিৰ্গমনৰ চাপ হ্ৰাস পাব বুলিও ধাৰণা কৰিছে অইল কৰ্তৃপক্ষই‌। ইফালে তৈলখাদটোৰ পৰা ক্ষতিগ্ৰস্ত হোৱা বাঘজানবাসীয়ে আজিপৰ্যন্ত লাভ কৰা নাই উচিত ক্ষতিপূৰণ। উপযুক্ত ক্ষতিপূৰণৰ দাবীৰে বাঘজান মিলনজ্যোতি সংঘৰ উদ্যোগত বাঘজানবাসীয়ে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ত শিবিৰ পাতি প্ৰায় এসপ্তাহ ধৰি অব্যাহত ৰাখিছে প্ৰতিবাদ।

প্ৰায় তিনিমাহ ধৰি অহৰহভাৱে জুই জ্বলি থকাৰ পিছতো অইল কৰ্তৃপক্ষই জুই নিৰ্বাপন কৰিবলৈ সক্ষম নোহোৱাৰ লগতে ক্ষতিগ্ৰস্ত বাঘজানবাসীক কোনো ধৰণৰ সাহায্য প্ৰদান নকৰাৰ বাবেই উপায়ুক্তৰ কাৰ্যালয়ত শিবিৰ পাতি প্ৰতিবাদ সাব্যস্ত কৰিছে বাঘজানবাসীয়ে।বাঘজানৰ তেলখাদৰ জুই শীঘ্ৰে নিৰ্বাপন, বাঘজানৰ ক্ষতিগ্ৰস্ত পৰিয়ালক তৎকালে ক্ষতিপূৰণ দিয়াৰ লগতে পূৰ্বৰ দাবী আৰু প্ৰতিশ্ৰুতি পূৰণৰ দাবীৰে বাঘজানবাসীয়ে  উপায়ুক্তৰ কাৰ্যালয়ত শিবিৰ পাতি সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ।
Published by: Sanjay Kumar Das
First published: September 2, 2020, 7:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি