বাঘজানৰ জুই নিয়ন্ত্ৰণত পুনৰ বিফল অইল ইণ্ডিয়া লিমিটেড, অন্তিম প্ৰক্ৰিয়াৰ সময়ত ঘটিল অঘটন

News18 Assam | News18-Assam
Updated:August 19, 2020, 8:53 AM IST
বাঘজানৰ জুই নিয়ন্ত্ৰণত পুনৰ বিফল অইল ইণ্ডিয়া লিমিটেড, অন্তিম প্ৰক্ৰিয়াৰ সময়ত ঘটিল অঘটন
বি অ’ পিৰ ভাল্ব ছিঙি যোৱাৰ পিছত কাম স্থগিত ৰখা হৈছে আৰু পুনৰ নতুন পৰিকল্পনাৰে জুই নিৰ্বাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব অইল কৰ্তৃপক্ষই।

বি অ’ পিৰ ভাল্ব ছিঙি যোৱাৰ পিছত কাম স্থগিত ৰখা হৈছে আৰু পুনৰ নতুন পৰিকল্পনাৰে জুই নিৰ্বাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব অইল কৰ্তৃপক্ষই।

  • Share this:
বাঘজান তৈলখাদৰ অগ্নি নিৰ্বাপনৰ তৃতীয়টো প্ৰচেষ্টাও বিফল। সোমবাৰে বি অ’ পি স্থাপন কৰি বাঘজান বি জি আৰ ৫নং তৈল খাদৰ জুই নিৰ্বাপনৰ দিশে আগবাঢ়িছিল যদিও হঠাৎ সংঘটিত হয় কাৰিকৰী বিসংগতি। কাৰিকৰী বিসংগতিৰ বাবে 13.3/8 কেচিং ভাল্বত কিলিং প্ৰক্ৰিয়া চলাই থাকোটে ফাট মেলে ভাল্বটোত। যাৰ ফলত পুনৰ অইল ইণ্ডিয়াৰ জুই নিৰ্বাপনৰ প্ৰক্ৰিয়া বিফল হয়।

ইফালে বি অ’ পিৰ ভাল্ব ছিঙি যোৱাৰ পিছত কাম স্থগিত ৰখা হৈছে আৰু পুনৰ নতুন পৰিকল্পনাৰে জুই নিৰ্বাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব অইল কৰ্তৃপক্ষই। কিলিং প্ৰক্ৰিয়া চলি থকাৰ সময়ত ছিংগাপুৰৰ ৬ জনীয়া বিশেষজ্ঞৰ দলো উপস্থিত আছিল। এই সময়ত অইল ইণ্ডিয়া কৰ্তৃপক্ষ, অ’ এন জি চি ইত্যাদি সকলো কৰ্মচাৰীক ৫ কিলোমিটাৰ নিলগলৈ যাবলৈ দিয়া হয় কিয়নো যিকোনো মুহূৰ্তত বিস্ফোৰণ হোৱাৰ সম্ভাৱনা আছিল।

জানিব পৰা মতে, বি অ’ পি স্থাপন কৰাৰ পিছত কিলিং প্ৰক্ৰিয়াই  হৈছে অইল ইণ্ডিয়াৰ শেষ প্ৰচেষ্টা। ইতিমধ্যে ৭০ শতাংশ কাম সম্পূৰ্ণ কৰি তোলা হৈছে আৰু ৩০ শতাংশ কামহে বাকী আছিল। খাদৰ কিলিং প্ৰক্ৰিয়াৰ লগতে ৩০০০ হাজাৰ ফুট ভূগৰ্ভৰ গভীৰতাৰ পৰা যি অহৰহ গতিত গেছ আৰু তেল নিৰ্গত হৈ আছে, সেই জুই কিছু সময়ৰ বাবে নিয়ন্ত্ৰণলৈ আহিছিল আৰু প্ৰথম পৰীক্ষণত সফলো হৈছিল। ২৪ ঘণ্টাৰ ভিতৰত অইল ইণ্ডিয়াই জুই নিৰ্বাপন কৰিব পাৰিব বুলি জানিবলৈ দিছিল, কিন্তু হঠাতে যি যান্ত্ৰিক বিজুতি হোৱাৰ ফলত কাম স্থগিত ৰখা হয় আৰু জুই নিৰ্বাপনৰ প্ৰক্ৰিয়াত পুনৰ অনিশ্চয়তাই দেখা দিয়ে। এতিয়া এই জুই কেতিয়ালৈ নিৰ্বাপন হ’ব সেয়া সময়েহে ক’ব।
Published by: Sanjay Kumar Das
First published: August 19, 2020, 8:53 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি