কেতিয়া নিৰ্বাপন হ’ব বাঘজানৰ জুই? অইল কৰ্তৃপক্ষই স্থাপন কৰিলে বিঅ’পি

News18 Assam | News18-Assam
Updated:August 17, 2020, 7:43 PM IST
কেতিয়া নিৰ্বাপন হ’ব বাঘজানৰ জুই? অইল কৰ্তৃপক্ষই স্থাপন কৰিলে বিঅ’পি
৮০ দিনতকৈ অধিক সময় ধৰি অহৰহভাৱে জ্বলি আছে বাঘজানৰ জুই।

৮০ দিনতকৈ অধিক সময় ধৰি অহৰহভাৱে জ্বলি আছে বাঘজানৰ জুই।

  • Share this:
শীঘ্ৰে নিৰ্বাপিত হ’ব বাঘজানৰ তৈলখাদৰ জুই! এই আশা প্ৰকাশ কৰিছে অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষই। বাঘজানৰ তৈলখাদৰ জুই নিৰ্বাপনৰ কাৰণে তৃতীয়বাৰৰ প্ৰচেষ্টাত অইল কৰ্তৃপক্ষই সফলভাৱে স্থাপন কৰে বিঅ’পি।

বিঅ’পি স্থাপনৰ পিছত এতিয়া কিলিঙৰ কাৰণে অব্যাহত আছে যাৱতীয় কাম–কাজ। এই কামখিনিৰ বাবে ২৪ৰ পৰা ৩৬ ঘণ্টা সময় লাগিব। তাৰ পিছতে এই জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আনিব পৰা যাব বুলি আশা কৰিছে বিশেষজ্ঞসকলে।

উল্লেখযোগ্য যে ৮০ দিনতকৈ অধিক সময় ধৰি অহৰহভাৱে জ্বলি আছে বাঘজানৰ জুই। বিদেশৰ পৰাও অনা হৈছিল বিশেষজ্ঞৰ দল। কিন্তু বৰ্তমানলৈ নিৰ্বাপিত হোৱা নাই জুই।

আজি পুৱাৰে পৰা চলা কেপিং অভিযানৰ অন্তত স্থাপন কৰিবলৈ সক্ষম হয় বিঅ’পি। অত্যন্ত প্ৰত্যাহ্বানৰ মাজেৰে এই কাম সফলভাৱে কৰিবলৈ সক্ষম হয় অইল কৰ্তৃপক্ষই।
Published by: Sanjay Kumar Das
First published: August 17, 2020, 7:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি