অৱশেষত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে বাঘজানৰ ভয়ংকৰ অগ্নিকাণ্ডৰ তদন্ত

News18 Assam | News18-Assam
Updated:June 11, 2020, 11:35 PM IST
অৱশেষত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে বাঘজানৰ ভয়ংকৰ অগ্নিকাণ্ডৰ তদন্ত
কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰণালয়ে আজি বাঘজানৰ অইল ইণ্ডিয়াৰ তেলখাদত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ তদন্ত ঘোষণা কৰে

কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰণালয়ে আজি বাঘজানৰ অইল ইণ্ডিয়াৰ তেলখাদত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ তদন্ত ঘোষণা কৰে

  • Share this:
কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰণালয়ে আজি বাঘজানৰ অইল ইণ্ডিয়াৰ তেলখাদত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ তদন্ত ঘোষণা কৰে। তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ মন্ত্ৰণালয়ে এখন তিনিজনীয়া কমিতি গঠন কৰি দিয়ে । এই কমিতি খনৰ সদস্য কেইজন হৈছে - 

  •  এচ চি এল দাস, সঞ্চালক প্ৰধান, হাইড্ৰ’কাৰ্বন সঞ্চালকালয়


  •  বি চি বৰা, প্ৰাক্তন অধ্যক্ষ ONGC 

  •  টি কে সেনগুপ্ত, প্ৰাক্তন নিৰ্দেশক, ONGC 


এই কমিটী খনক নেতৃত্ব দিব এচ চি এল দাসে । কমিটীখনে এই ঔদ্যোগিক দুৰ্ঘটনা কেনেকৈ, কাৰ গাফিলতিৰ কাৰণে হ’বলৈ পালে সেই তদন্ত কৰিব আৰু ভবিষ্যতে তেনে ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ কি পদক্ষেপ ল’ব লাগিব সেই সন্দৰ্ভত পৰামৰ্শ আগবঢ়াব। বৃহস্পতিবাৰে পেট্ৰোলিয়াম মন্ত্ৰণালয়ে প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি এই কথা প্ৰকাশ কৰিছে ।

উল্লেখযোগ্য যে যোৱা ২৭ মে’ তাৰিখে তিনিচুকীয়া জিলাৰ বাঘজানৰ Oil India Limitedৰ তৈল খাদৰ পৰা Condensateৰ সৈতে মিহলি প্ৰাকৃতিক গেছ অস্বাভাৱিক ভাৱে নিৰ্গমন হৈছিল । নিৰ্গমন সময়ত ৰোধ কৰিব নোৱাৰাত জুনৰ ৮ তাৰিখে খাদটোত জুই লাগিছিল যি জুইয়ে ধাৰণ কৰিছিল ভয়ংকৰ ৰূপ। এতিয়াও অব্যাহত আছে বাঘজানৰ বিভীষিকা।
First published: June 11, 2020, 11:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি