‘বাঘজান অগ্নিকাণ্ডৰ আঁৰত আছে দুৰ্নীতি’ CBI তদন্তৰ দাবী কংগ্ৰেছৰ

News18 Assam | News18-Assam
Updated:June 10, 2020, 4:03 PM IST
‘বাঘজান অগ্নিকাণ্ডৰ আঁৰত আছে দুৰ্নীতি’ CBI তদন্তৰ দাবী কংগ্ৰেছৰ
বাঘজান তৈলক্ষেত্ৰৰ ভয়ংকৰ অগ্নিকাণ্ডৰ আঁৰত এটা কোম্পানীৰ ব্যাপক দুৰ্নীতি জড়িত থকাৰ অভিযোগ উত্থাপিত কৰি বুধবাৰে প্ৰদেশ কংগ্ৰেছে CBI তদন্তৰ দাবী কৰিলে ৷

বাঘজান তৈলক্ষেত্ৰৰ ভয়ংকৰ অগ্নিকাণ্ডৰ আঁৰত এটা কোম্পানীৰ ব্যাপক দুৰ্নীতি জড়িত থকাৰ অভিযোগ উত্থাপিত কৰি বুধবাৰে প্ৰদেশ কংগ্ৰেছে CBI তদন্তৰ দাবী কৰিলে ৷

  • Share this:
বাঘজান তৈলক্ষেত্ৰৰ ভয়ংকৰ অগ্নিকাণ্ডৰ আঁৰত এটা কোম্পানীৰ ব্যাপক দুৰ্নীতি জড়িত থকাৰ অভিযোগ উত্থাপিত কৰি বুধবাৰে প্ৰদেশ কংগ্ৰেছে CBI তদন্তৰ দাবী কৰিলে ৷ লগতে দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা খনন আৰু ডিব্ৰু-ছৈখোৱাত Oil India Limitedক সাতটা স্থানত খননৰ অনুমতি প্ৰদান কৰাৰ বিষয়ক লৈ বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ ক'ৰ কমিটীৰ বৈঠকত আলোচনা হয় ৷

বাঘজান তৈলক্ষেত্ৰত চৌধ্যদিনে গেছ আৰু খাৰুৱা তেল নিৰ্গমন হৈ আছে ৷ ইয়াৰ মাজতে মঙলবাৰে তৈলক্ষেত্ৰ খনত সংঘটিত হ'ল ভয়ংকৰ অগ্নিকাণ্ড ৷ জ্বলি ছাইহৈ গৈছে এখনৰ পিছত আনখন গাঁৱ ৷ আকাশলংঘী অগ্নিয়ে সমগ্ৰ বাঘজান অঞ্চলত এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে ৷ ইয়াৰ মাজতে  বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ ক'ৰ কমিটিৰ বৈঠক অনুষ্ঠিত হ'ল ৷

ৰাজীৱ ভৱনত আয়োজিত ক'ৰ কমিটিৰ বৈঠকত বাঘজান অগ্নিকাণ্ডৰ আঁৰত এটা কোম্পানীয়ে দুৰ্নীতি জড়িত বুলি আলোচনা হয় ৷ এই সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে- “এই অগ্নিকাণ্ডৰ তদন্ত CBIক দিয়ক ৷ CBIয়ে তদন্ত কৰিলে সকলো কথা পোহৰলৈ আহিব ৷ বাঘজানৰ তৈলক্ষেত্ৰত যিটো কোম্পানীয়ে চাৰ্ভিছিংৰ কাম কৰিছিল সেই কোম্পানীটোয়ে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিছিল ৷ এইক্ষেত্ৰত দুৰ্নীতি জড়িত হৈ আছে ৷”

ক'ৰ কমিটিৰ বৈঠকত দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ বাবে ৰাজ্য চৰকাৰে অনুমোদন দিয়াৰ প্ৰসংগত বিস্তৃতভাবে আলোচনা হয় ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই সন্দৰ্ভত বৰাই কয়- ‘কথাবোৰ ৰাজ্য চৰকাৰে ৰাইজক নজনায় ৷ গোপণে বৰ্ষাৰণ্যখনত খনন কৰিবলৈ ৰাজ্য চৰকাৰে অনুমোদন দিছে আৰু তাত কয়লা খনন চলি আছে ৷’

ইফালে ডিব্ৰু-ছৈখোৱাৰ আভ্যন্তৰত সাতটা স্থানত Oil India Limitedক খননৰ অনুমতি দিয়াৰ প্ৰসংগতো প্ৰদেশ কংগ্ৰেছৰ ক'ৰ কমিটিৰ বৈঠকত আলোচনা হয় ৷ এই প্ৰসংগত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে- “এই চৰকাৰৰ দিনত ৰাজ্যৰ অৰণ্য ধ্বংস হ'ব ৷ কমিছনৰ বাবে সকলোতে খননৰ অনুমোদন দিছে ৰাজ্য চৰকাৰে ৷”

প্ৰদেশ কংগ্ৰেছৰ দাবী- সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত বেছি হৈছে দুৰ্নীতি ৷ আগন্তুক সময়ত ইয়াৰ উত্তৰ BJPক দিব ৰাইজে ৷
First published: June 10, 2020, 4:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি