ভাৰতীয় এজন বিখ্যাত কথক ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী আজি অসমলৈ আহিছে। তেওঁ বাগেশ্বৰ ধাম মহাৰাজ বুলি খ্যাত। শাস্ত্ৰী হৈছে ভাৰতৰ মধ্য প্ৰদেশ ৰাজ্যৰ ছত্ৰপুৰ জিলাৰ গড়া গাঁৱৰ এক বিখ্যাত ধৰ্মীয় তীৰ্থস্থান বাগেশ্বৰ ধাম সৰকাৰৰ আচাৰ্য। তেওঁ বুধবাৰে অসমত আহি উপস্থিত হৈছে। ইয়াৰ পিছতেই বাগেশ্বৰ ধাম মহাৰাজে পোনে পোনে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উপস্থিত হৈ তেওঁক সাক্ষাৎ কৰে। এই তথ্য মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে জনায়।
মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰা পোষ্টটোত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে তেওঁৰ সৈতে বাৰ্তালাপ কৰি থকা দেখিবলৈ পোৱা গৈছে। এই পোষ্টটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখে যে, ‘‘আজি বাগেশ্বৰ ধাম সৰকাৰ পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে আমাৰ বাসগৃহ পৰিদৰ্শন কৰি আমাক আশীৰ্বাদ জনাইছে। সুন্দৰ উপহাৰটোৰ বাবে আপোনাক ধন্যবাদ।’’
মুখ্যমন্ত্ৰী শৰ্মাই বুধবাৰে তেওঁৰ ঘৰত পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী উপস্থিত হৈ তেওঁলোকক আশীৰ্বাদ দিয়াৰ বাবে ধন্যবাদ জনায়।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 22, 2023, 12:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।