বাঘবৰত উপস্থিত বিধায়ক শ্বেৰমান আলী আহমেদ৷ দুমাহ জে’লত কটাই নিজ সমষ্টিলৈ যাত্ৰা বিধায়ক শ্বেৰমান আলী আহমেদৰ৷ বৰপেটাৰ ভেল্লাৰ পৰা দলীয় সমৰ্থক, সতীৰ্থসকলে সমষ্টিলৈ আদৰি নিলে বিধায়ক শ্বেৰমান আলী আহমেদক৷ কংগ্ৰেছৰ পৰা নিলম্বন কৰা সন্দৰ্ভত বিধায়ক শ্বেৰমান আলী আহমেদে কয়, সত্যৰ কাৰণে মই মৰিবলৈয়ো প্ৰস্তুত৷
হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট বুলি কোৱা কথাক লৈ দুখ প্ৰকাশ কৰে শ্বেৰমান আলী আহমেদে। তেওঁ কয় যে কংগ্ৰেছত বহু অপদাৰ্থ আৰু কাপুৰুষ আছে৷ মিঞা মিউজিয়ামক লৈ কংগ্ৰেছৰ বহু বিধায়কৰ সমৰ্থন আছিল৷ কংগ্ৰেছৰ বহু বিধায়কৰ নিজে কিবা কৰাৰ সামৰ্থও নাই আৰু আনে কিবা কৰিব বিচাৰিলে সন্মুখৰ পৰা প্ৰতিবাদ কৰাৰো সাহস নাই আৰু সদায় পিচফালৰ পৰা পাখি কটাৰ চেষ্টা কৰে৷ ৰূপজ্যোতি কুৰ্মীৰ পূৰ্বৰ মন্তব্যক লৈয়ো ক্ষুন্ন শ্বেৰমান আলী আহমেদ৷
ইফালে, পশ্চিম গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ বিৰুদ্ধেও ক্ষোভ উজাৰি বিধায়কজনক কাপুৰুষ, অপদাৰ্থ, ভৰি চেলেকা বুলি অভিহিত কৰিলে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে৷ সদনত কোনোদিনে কথা কৈ নোপোৱা আব্দুৰ ৰচিদ মণ্ডলে তেওঁক নিলম্বিত কৰাৰ বাবে দলৰ চিএলপিৰ সভাত অতি সৰৱ আছিল বুলিও মন্তব্য কৰে শ্বেৰমানে ৷
আনহাতে, গুৱাহাটী কাৰাগাৰত সংঘটিত অনিয়মক লৈয়ো মন্তব্য কৰিলে শ্বেৰমানে৷ ক’লে – কাৰাগাৰত মই ভিআইপি সুবিধা বিচৰা নাচিলো৷ বিধানসভাৰ অভিযোগ সমিতিত কাৰাগাৰৰ অনিয়ম সন্দৰ্ভত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলিও মন্তব্য বিধায়কগৰাকীৰ।
বাঘবৰৰ বিধায়কজনে কয়, ‘‘এতিয়ালৈকে মই কংগ্ৰেছ দলৰে সদস্য হৈ আছো৷ মই সত্য ক’বলৈ সাজু আছো৷ মই ভৰি চেলেকিবলৈ সাজু নহয়৷’’ কংগ্ৰেছৰ হাইকমাণ্ডক উদ্দেশ্যি বিধায়ক শ্বেমানৰ বাক্যবাণ - ‘‘আন মুছলমান নেতাৰ দৰে শ্বেৰমান আলী আহমেদে ভৰি চেলেকি থাকিব বুলি ভৱাসকলে মূৰ্খৰ স্বৰ্গত বাস কৰিছে৷ শ্বেৰমানে মৰিব পাৰে কিন্তু অন্যায়ৰ বিৰুদ্ধে মুখ বন্ধ নকৰে৷ বল এতিয়া কংগ্ৰেছৰ ক'ৰ্টত৷ সিদ্ধান্ত তেওঁলোকে ল’ব৷’’
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|