ৰাজ্যজুৰি আজি অনুষ্ঠিত কৰা হয় বীৰ লাচিত দিৱস (lachit Divas)। এইবাৰ ৩৯৯সংখ্যক জন্ম দিৱস বীৰ লাচিতৰ। লাচিত দিৱস অনন্য ৰূপত পালন কৰে হিন্দু জাগৰণ মঞ্চয়ো। সংগঠনটোৱে লাচিত দিৱস উপলক্ষে চানমাৰিৰ পৰা খানাপাৰালৈ উলিয়ায় সমদল। এই সমদলে সকলো লোককে আকৰ্ষণ কৰে।
জাতীয়-জনগোষ্ঠীয় সাজ-সজ্জা পৰিধান কৰি, লাচিতৰ প্ৰতিমূৰ্তি লৈ উলিওৱা হয় সমদল। কিন্তু লাচিত দিৱসত বীৰ লাচিত বৰফুকনৰ (Lachit Barphukan)ৰ গুণ-গৰিমাৰ জয়গান গোৱাৰ মাজতে শৰাইঘাটৰ যুদ্ধৰ অন্যতম যোদ্ধা বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকী সম্পৰ্কে সংস্থাটোৱে উল্লেখ কৰিলে নাভূত-নাশ্ৰুত কথা।
সংগঠনটোৰ শীৰ্ষ নেতা নবেন্দু পাঠকে কয় যে বাঘ হাজৰিকা (Bagh Hazarika) আচলতে এক কাল্পনিক চৰিত্ৰ। তেওঁ কয়- ''মই স্পষ্ট ভাষাত কৈছোঁ, বাঘ হাজৰিকা এক কাল্পনিক চৰিত্ৰ।'' তেওঁ লগতে কয় যে বুৰঞ্জীত বাঘ হাজৰিকা সম্পৰ্কে তেওঁ কোনো কথাৰ উল্লেখ কৰা বিচাৰি পোৱা নাই। এই সম্পৰ্কে আলোচনা হোৱাৰ পোষকতাও কৰে তেওঁ।
হিন্দু জাগৰণ মঞ্চ (Hindu Jagran Manch)ৰ এই মন্তব্যক লৈ এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- ''তেওঁলোকে বুৰঞ্জী অধ্যয়ন কৰা দৰকাৰ। যিসকলে কাল্পনিক কথাক বুৰঞ্জী বুলি প্ৰতিপন্ন কৰিব বিচাৰে, তেওঁলোকেহে এনে কথা কয়।'' গগৈয়ে লগতে প্ৰকাশ কৰে- ''লাচিতক হিন্দু বীৰ সজাব নালাগে, লাচিত অসমীয়াৰ বীৰ।'' গগৈয়ে সাম্প্ৰদায়িক ৰহণ সানি বুৰঞ্জীক বিকৃত কৰা বা অপবাদ দিবলৈ কোনোৱে যাতে চেষ্টা নকৰে, সেইক্ষেত্ৰত সাৱধান কৰি দিয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|