মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Nimatighat Boat Accident : নিমাতীঘাট নাও দুৰ্ঘটনাত সন্ধানহীন হৈ থকা জান বৰাৰ বেগ উদ্ধাৰ বিশ্বনাথৰ ঘাটত, আজিও সন্ধান নাই জান বৰাৰ।

Nimatighat Boat Accident : নিমাতীঘাট নাও দুৰ্ঘটনাত সন্ধানহীন হৈ থকা জান বৰাৰ বেগ উদ্ধাৰ বিশ্বনাথৰ ঘাটত, আজিও সন্ধান নাই জান বৰাৰ।

News18 Assam | News18-Assam
Updated:September 10, 2021, 3:14 PM IST
Nimatighat Boat Accident : নিমাতীঘাট নাও দুৰ্ঘটনাত সন্ধানহীন হৈ থকা জান বৰাৰ বেগ উদ্ধাৰ বিশ্বনাথৰ ঘাটত, আজিও সন্ধান নাই জান বৰাৰ।
Nimatighat Boat Accident : দুৰ্ঘটনাৰ দিনা পতি-পত্নী গৈছিল আঠখেলীয়া নামঘৰলৈ। বেগটোত পোৱা গৈছে জান বৰাৰ পত্নীৰ আধাৰ কাৰ্ড-ভোটাৰ কাৰ্ড, পান কাৰ্ড আৰু পত্নীৰ সৰু মানী বেগ এটা ৷ 

Nimatighat Boat Accident : দুৰ্ঘটনাৰ দিনা পতি-পত্নী গৈছিল আঠখেলীয়া নামঘৰলৈ। বেগটোত পোৱা গৈছে জান বৰাৰ পত্নীৰ আধাৰ কাৰ্ড-ভোটাৰ কাৰ্ড, পান কাৰ্ড আৰু পত্নীৰ সৰু মানী বেগ এটা ৷ 

  • News18 Assam
  • Last Updated: September 10, 2021, 3:14 PM IST
  • Share this:
নিমাতীঘাটৰ শোকাৱহ নাও দুৰ্ঘটনাত (Nimatighat Boat Accident) নিৰুদ্দিষ্ট ইন্দ্ৰেশ্বৰ বৰা ওৰফে জান বৰা (Jaan Borah)ৰ বেগটো উদ্ধাৰ হৈছে বিশ্বনাথৰ লুইতৰ ঘাটত৷ বেগটোত পোৱা গৈছে জান বৰাৰ পত্নীৰ আধাৰ কাৰ্ড-ভোটাৰ কাৰ্ড, পান কাৰ্ড আৰু পত্নীৰ সৰু মানী বেগ এটা ৷

গহপুৰ দক্ষিণঞ্চলৰ চৰ অঞ্চলৰ ব্ৰহ্মপুত্ৰ নৈত বেগটো উদ্ধাৰ কৰা হয় ।  বেগটোত জান বৰাৰ প্ৰেছক্ৰিপচনো আছিল আৰু লগতে বিভিন্ন গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু কাপোৰ আছিল। স্থানীয় মাছ মৰীয়াই উদ্ধাৰ কৰে বেগটো।

বেগটো চিনাক্ত কৰিছে জান বৰাৰ পত্নী ৰূপৰেখা বৰাই। দুৰ্ঘটনাৰ দিনা পতি-পত্নী গৈছিল আঠখেলীয়া নামঘৰলৈ। উভতনি পথতে হৈছিল সেই ভয়ংকৰ দুৰ্ঘটনা। জান বৰাৰ এতিয়ালৈ কোনো শুংশুত্ৰ পোৱা নাই।

বেগটো বিশ্বনাথ নদী আৰক্ষী (Biswanath River Police)ক গতাই দিছে স্থানীয় লোকে।
Published by: Manjumoni Borah
First published: September 10, 2021, 2:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি