• Home
  • »
  • News
  • »
  • assam
  • »
  • ‍Boat Accident in Dhubri : নাও দুৰ্ঘটনাত নিখোজ সঞ্জু দাসক হত্যাৰ সন্দেহ বদৰুদ্দিন আজমলৰ, উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

‍Boat Accident in Dhubri : নাও দুৰ্ঘটনাত নিখোজ সঞ্জু দাসক হত্যাৰ সন্দেহ বদৰুদ্দিন আজমলৰ, উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

নাও দুৰ্ঘটনাত সন্ধানহীন সঞ্জু দাসক উদ্ধাৰ কৰাৰ বাবে আজিও অভিযান চলায় এছ ডি আৰ এফে।

নাও দুৰ্ঘটনাত সন্ধানহীন সঞ্জু দাসক উদ্ধাৰ কৰাৰ বাবে আজিও অভিযান চলায় এছ ডি আৰ এফে।

নাও দুৰ্ঘটনাত সন্ধানহীন সঞ্জু দাসক উদ্ধাৰ কৰাৰ বাবে আজিও অভিযান চলায় এছ ডি আৰ এফে।

  • Share this:

ধুবুৰীৰ নাও দুৰ্ঘটনাৰ ঘটনাস্থলীত উপস্থিত হয় সাংসদ বদৰুদ্দিন আজমল। আজমলে ঘটনা সংক্ৰান্তত বিস্ফোৰক অভিযোগ কৰে।


নিখোজ হোৱা চক্ৰ বিষয়া সঞ্জু দাসৰ পৰিকল্পিত হত্যাৰ সন্দেহ কৰে আজমলে।
আজমলৰ মতে, চক্ৰ বিষয়া সঞ্জু দাস সৎ আৰু নিকা সুদক্ষ বিষয়া আছিল। তলতীয়া বিষয়াৰ দুৰ্নীতি বন্ধ কৰিছিল দাসে। তলতীয়া বিষয়াসকলে কেইবাবাৰো বদলি কৰাৰ চেষ্টা কৰিছিল নিখোজ সঞ্জু দাসক। এই সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী আজমলৰ।


আজমলে লগতে নিখোজ সঞ্জু দাসৰ পৰিয়ালৰ লোকক চৰকাৰী চাকৰি আৰু এককালীন এক কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ দাবী জনায়। উল্লেখ্য, নাও দুৰ্ঘটনাত সন্ধানহীন সঞ্জু দাসক উদ্ধাৰ কৰাৰ বাবে আজিও অভিযান চলায় এছ ডি আৰ এফে। কিন্তু কোনো সন্ধান পোৱা নাই। সঞ্জু দাসৰ উদ্ধাৰৰ বাবে বাংলাদেশ চৰকাৰৰ সৈতে যোগাযোগ কৰা হৈছে।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি