২০২১ চনত অসমত বিৰোধী মহাজোঁটৰ চৰকাৰ হ’ব, সেইকাৰণে মোৰ বন্ধু পাগল হৈছে : আজমল

News18 Assam | News18-Assam
Updated:November 20, 2020, 4:54 PM IST
২০২১ চনত অসমত বিৰোধী মহাজোঁটৰ চৰকাৰ হ’ব, সেইকাৰণে মোৰ বন্ধু পাগল হৈছে : আজমল
বদৰুদ্দিন আজমলে লগতে কয় – পাকিস্তান মুৰ্দাবাদ আগতেও কৈছিলো আজিও কম।

বদৰুদ্দিন আজমলে লগতে কয় – পাকিস্তান মুৰ্দাবাদ আগতেও কৈছিলো আজিও কম।

  • Share this:
২০২১ চনত অসমত বিৰোধী মহাজোঁটৰ চৰকাৰ হ’ব, সেইকাৰণে মোৰ বন্ধু পাগল হৈছে বুলি ক’লে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা এআইইউডিএফ দলৰ মুৰব্বী মৌলনা বদৰুদ্দিন আজমলে। মৌলানা ফজলুল কৰিম কাছিমীয়ে লিখা ঐতিহাসিক প্ৰেক্ষাপট গ্ৰন্থখন উন্মোচন কৰা সাংসদ মৌলানা বদৰুদ্দিন আজমলে কয় "আমাৰ জন্ম ভাৰতত, আমি হাৰে–হিমজুৱে জন্মসূত্ৰে ভাৰতীয়, দুই নেচন থিয়ৰীত আমি নাই"।

বদৰুদ্দিন আজমলে লগতে কয় – পাকিস্তান মুৰ্দাবাদ আগতেও কৈছিলো আজিও কম। জমিয়তক সমালোচনা কৰা সকল অসমৰ ৰাজনীতি সম্পৰ্কে জ্ঞাত নহয় বুলি কয় সাংসদ বদৰুদ্দিন আজমলে। সাম্প্ৰদায়িক মন্তব্যলৈ মই গুৰুত্ব নিদিও বুলি কোৱা বদৰুদ্দিন আজমলে ৰাজ্যৰ উন্নয়নৰ কথা চৰকাৰে চিন্তা কৰক বুলিও সোণোৱাল চৰকাৰক সমালোচনা কৰে। শুকুৰবাৰৰ গুৱাহাটীৰ গ্ৰন্থ উন্মোচনী সভাত এআইইউডিএফৰ বিধায়িনী দলৰ নেতা হাফিজ বছিৰ কাছিমী আৰু বিধায়ক হাজি আমিনুল ইছলাম উপস্থিত আছিল।
Published by: Sanjay Kumar Das
First published: November 20, 2020, 4:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading