যোৱা ১৫ দিনৰ পৰা বৰাক উপত্যকাত প্ৰলয় সৃষ্টি কৰাৰ পিছতে এতিয়া লাহে লাহে কমিব ধৰিছে বৰাক নৈৰ জলস্তৰ। লাহে লাহে ঘৰ অভিমুখে ৰাওনা হৈছে বানাক্ৰান্তসকল। বৰাকত বানৰ তাণ্ডৱ কমাৰ পিছতে এতিয়া বৰাকলৈ আগমন ঘটিল এআইইউডিএফ প্ৰধান বদৰ উদ্দিন আজমলৰ।
কাছাৰ জিলাৰ পিছত আজি হাইলাকান্দিত বান পৰিস্থিতিৰ বুজ ল'বলৈ উপস্হিত হয় বদৰ উদ্দিন আজমল। হাইলাকান্দিত উপস্থিত হৈ প্ৰথমে আলগাপুৰ সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে মৌলনা বদৰ উদ্দিন আজমলে (Badruddin Ajmal )। ইপিনে বৰাকৰ বানপানী কমাৰ পিছতে বদৰ উদ্দিন আজমলৰ বৰাক ভ্ৰমণক লৈ সাংবাদিকসকলে উভতি ধৰাত তেওঁ কয়- ''মই মুম্বাইৰ পৰা ইয়াত আহিছোঁ, কিন্তু বিজেপিৰ সাংসদ-বিধায়কসকল ইয়াতে থাকিও বানাক্ৰান্তসকলৰ কাষত যোৱা নাই। মই প্ৰথমে নিজৰ সমষ্টি ভ্ৰমণ কৰি ইয়ালৈ আহিছোঁ।''
লগতে তেওঁ প্ৰধানমন্ত্ৰীৰ ওচৰত গৈ অসমৰ বানৰ বাবে ২০ হাজাৰ কোটি টকাৰ বিশেষ পেকেজ দিয়াৰ দাবী উত্থাপন কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|