কংগ্ৰেছে UPAৰ পৰা AIUDFক খেদি পঠিওৱাৰ পিছতে প্ৰদেশ কংগ্ৰেছে প্ৰস্তুত কৰা এখন তালিকাক লৈ এতিয়া সৰৱ বদৰুদ্দিন আজমলৰ এআইইউডিএফ (AIUDF)৷ ইয়াৰ মাজতে ৰকিবুল হুছেইনে ধুবুৰীৰ পৰা লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু বুলি কোৱাৰ পিছত এতিয়া ভীষণ ক্ষুণ্ণ AIUDF৷
প্ৰদেশ কংগ্ৰেছে প্ৰস্তুত কৰিছিল এখন তালিকা ৷ ২০২৪ৰ লোকসভাৰ নিৰ্বাচনৰ বাবে ১৪ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট কৰা হৈছিল তালিকাখনত ৷ তালিকাখন ভুৱা নে সঁচা? তাক লৈ ব্যাপক চৰ্চা চলিল ৷ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে নিজে তালিকাখনৰ বিষয়ত একো নাজানো বুলি ক’লে ৷ ইয়াৰ পিছত এই বিষয়ত শুকুৰবাৰে AIUDF প্ৰধান সাংসদ বদৰুদ্দিন আজমলে কংগ্ৰেছৰ তালিকাক ভুৱা আখ্যা দিলে ৷
কংগ্ৰেছৰ তালিকাক লৈ AIUDFৰ জ্যেষ্ঠ বিধায়ক ড° ৰফিকুল ইছলামেও পুনৰ সৰৱ হৈ উঠিল ৷ ৰফিকুলৰ দাবী— “ভূপেন বৰাই বন্ধ কোঠাত বহি ব্যায়াম কৰি তালিকা বনাইছে ৷ তালিকাৰ কথা কাৰ্যকৰী সভাপতি, বিৰোধী দলপতিয়েও নাজানে ৷”
বহি নাথাকিল কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদো ৷ শ্বেৰমানে ক’লে— “কংগ্ৰেছে তালিকা প্ৰকাশ কৰি থাকিব আৰু নিৰ্বাচনত শূন্য হৈ থাকিব ৷”
কংগ্ৰেছৰ তালিকাৰ পিছত এইবাৰ ৰকিবুল হুছেইনৰ বিষয়ত সৰৱ হৈ উঠিল AIUDFৰ নেতৃত্ব ৷ কিয়নো বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ধুবুৰীত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ৰকিবুল হুছেইন সাজু বুলি খোদ ৰকিবুলে সদৰী কৰিছে ৷ এই বিষয়ত শুকুৰবাৰে বদৰুদ্দিন আজমলে ক’লে— “ৰকিবুল হুছেইন মোৰ ভাই ৷ পৰিয়ালৰ মানুহ বাবে আমি দৰ্জা বন্ধ কৰি কথা পাতিম ৰকিবুলৰ সৈতে ৷”
ৰকিবুলৰ ধুবুৰী যাত্ৰাক লৈ সৰৱ হৈ উঠিল ৰফিকুল ইছলামো ৷ ৰফিকুলৰ দাবী— “আজমলৰ বিৰুদ্ধে ধুবুৰীত কোনেও প্ৰতিদ্বন্দ্বিতা কৰি লাভ নাই ৷ ধুবুৰীত আজমল ১১০% জয়ী হ’ব ৷”
ইপিনে ৰকিবুলৰ বিৰুদ্ধে গৰজি উঠিল কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমানো ৷ শ্বেৰমানে ক’লে- “ৰকিবুলৰ লাজ-চৰম নাই ৷ ৱাকফ সম্পত্তি দখল কৰি ৰাখিছে ৰকিবুলে৷ ইমান বছৰ মন্ত্ৰী হৈ থাকি কি কৰিছিল মুছলমানৰ বাবে ৰকিবুল হুছেইনে ৷ মুছলমানৰ বাবে মাত মাতিছিল নে? এনেই সংখ্যালঘুৰ ডাঙৰ নেতা বুলি কোৱা ৰকিবুলক এইবাৰ সংখ্যালঘু অঞ্চলত গ’লেই খেদিব ৷”
- First Published :