உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • The kashmir Files: 'দ্য কাশ্মীৰ ফাইলছ' চলচ্চিত্ৰক লৈ বদৰুদ্দিন আজমলৰ প্ৰতিক্ৰিয়া, ক'লে এইদৰে

    The kashmir Files: 'দ্য কাশ্মীৰ ফাইলছ' চলচ্চিত্ৰক লৈ বদৰুদ্দিন আজমলৰ প্ৰতিক্ৰিয়া, ক'লে এইদৰে

    নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰায়ভাগ ৰাজনীতিকে ছবিখন চাবলৈ আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছে।

    নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰায়ভাগ ৰাজনীতিকে ছবিখন চাবলৈ আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছে।

    নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰায়ভাগ ৰাজনীতিকে ছবিখন চাবলৈ আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছে।

    • Share this:
    ৯০ৰ দশকত কাশ্মীৰ উপত্যকাত সংঘটিত ঘটনাৰ প্ৰেক্ষাপটত নিৰ্মাণ কৰা ছবি ''দ্য কাশ্মীৰ ফাইলছ'' (The kashmir Files) ছবিক লৈ দেশজুৰি চৰ্চা অব্যাহত আছে। ১১ মাৰ্চত মুক্তি পোৱা মিঠুন চক্ৰৱৰ্তী, অনুপম খেৰ অভিনীত ছবিখন আজি অসমৰ মুখ্যমন্ত্ৰীয়েও প্ৰত্যক্ষ কৰে। নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰায়ভাগ ৰাজনীতিকে ছবিখন চাবলৈ আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছে। এনে সময়তে সাংসদ তথা AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে ছবিখনক লৈ প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।

    হোজাইত বদৰুদ্দিন আজমলে (Badruddin Ajmal) দ্য কাশ্মীৰ ফাইলছ ছবিখনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ফিল্মখনে হিন্দু মুছলমানৰ মাজত বিভেদ আনিব। তেওঁ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীক কথাছবিখন নিষিদ্ধ কৰাৰ বাবেও দাবী জনায়।

    দ্য কাশ্মীৰ ফাইলছৰ লগতে AIUDFৰ নেতাগৰাকীয়ে ৰাজ্যসভা নিৰ্বাচনক লৈয়ো মত ব্যক্ত কৰি কয় যে বিৰোধী একগোট হ'লে এখন আসনত জয়ী হ'ব।  AIUDFৰ তিনিজন প্ৰাৰ্থী আছে বুলিও মন্তব্য কৰি আজমলে ছোনিয়া গান্ধীৰ লগত কথা চলি আছে  জানিবলৈ দিয়ে।ছোনিয়া গান্ধীয়ে ক'লে AIUDFয়ে প্ৰাৰ্থী নিদিয়ে বুলিও কয় তেওঁ।
    Published by:Gautam Barman
    First published: