ইপিনে অসম বিধানসভাত গৃহীত হোৱা পশুধন আইন সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত আজমলে ক'লে...
ইপিনে অসম বিধানসভাত গৃহীত হোৱা পশুধন আইন সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত আজমলে ক'লে...
কংগ্ৰেছে বিৰোধীৰ মহাজোঁটৰ পৰা AIUDFক আঁতৰাই পঠিওৱাৰ পিছত প্ৰথমবাৰৰ বাবে গুৱাহাটীত পদাৰ্পণ কৰিছে দলটোৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে৷ সোমবাৰে সাংবাদিকৰে হোৱা বাৰ্তালাপত মিত্ৰতা প্ৰসংগত মুখ খোলে আজমলে৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আজমলে ক'লে- “মিত্ৰতা ভংগ হ'ল। এতিয়া তেওঁলোকো ভালে থাকক। আমাৰো ভাল হ'ব। আমাৰ একো ক্ষতি নহয়। মিত্ৰতা ভংগৰ আগত আলোচনা হোৱাটো দৰকাৰ আছিল। কিন্তু নহ'ল। ফোন কৰিছিল মোক, আমিনুল ইছলাম আদিক কংগ্ৰেছে ফোন কৰিছিল। কিন্তু বিতং আলোচনা হোৱা নাছিল। বিগ বাডাৰ এতিয়া বেছি বিগ হৈ গ'ল৷”
অখিল গগৈ সন্দৰ্ভতো সোমবাৰে সৰৱ হৈ উঠিল বদৰুদ্দিন আজমল৷ আজমলে অখিল গগৈক কটাক্ষ কৰি ক'লে- "ৰাইজৰ দল এটা MLAৰ দল৷ অখিলৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈছে। সেইকাৰণে যি মন যায় তাকেই কৈ আছে। পাব্লিচিটি লাগে অখিলক। হিৰ' হ'ব খুজিছে। অখিলে সৰ্বভাৰতীয় পৰ্যায়ত নেতৃত্ব ল'ব বিচৰাটো হাস্যকৰ।"
উপ–নিৰ্বাচন সন্দৰ্ভত সোমবাৰে AIUDFৰ মুৰব্বী আজমলে ক'লে- “উপ–নিৰ্বাচনত আমি দুটা সমষ্টিত প্ৰাৰ্থী দিম। ফণী তালুকদাৰ যি গ'ল গ'ল, তেওঁৰ কথা পাতি এতিয়া লাভ নাই৷”
ইপিনে অসম বিধানসভাত গৃহীত হোৱা পশুধন আইন সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত আজমলে ক'লে- “এই আইনক লৈ মোৰ ক'বলগীয়া একো নাই। মই আমাৰ মুছলিম মানুহক গো–মাংস খাবলৈ মানা কৰিম।”
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|