অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, আজমলৰ চকুত চকুলো

News18 Assam | News18-Assam
Updated:November 22, 2020, 3:50 PM IST
অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, আজমলৰ চকুত চকুলো
জমিয়ত উলামা আৰু এ আই ইউ ডি এফৰ প্ৰতিটো শাখাক তৰুণ গগৈৰ আশু আৰোগ্যৰ বাবে প্রার্থনা কৰিবলৈ বদৰুদ্দিন আজমলে জনাইছে আহ্বান।

জমিয়ত উলামা আৰু এ আই ইউ ডি এফৰ প্ৰতিটো শাখাক তৰুণ গগৈৰ আশু আৰোগ্যৰ বাবে প্রার্থনা কৰিবলৈ বদৰুদ্দিন আজমলে জনাইছে আহ্বান।

  • Share this:
তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে বদৰুদ্দিন আজমলে কৰিলে দোৱা। দোৱাৰ সময়ত আজমলৰ চকুত দেখা গ’ল চকুলো। আজি হোজাইৰ গোপাল নগৰস্থিত বদৰুদ্দিন আজমলৰ গৃহত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে অনুষ্ঠিত কৰা হয়  দোৱা প্রার্থনা। বদৰুদ্দিন আজমলৰ উপস্থিতিত অনুষ্ঠিত হোৱা অনুষ্ঠানত উপস্থিত আছিল বহু আলেম উলেমা।

উক্ত প্রার্থনা সভাত তৰুণ গগৈৰ সৈতে থকা সুসম্পৰ্কৰ কথা ৰোমন্থন কৰি আবেগিক হ’ল বদৰুদ্দিন আজমল। দেখা গ’ল চকুত চকুলো। লগতে জমিয়ত উলামা আৰু এ আই ইউ ডি এফৰ প্ৰতিটো শাখাক তৰুণ গগৈৰ আশু আৰোগ্যৰ বাবে প্রার্থনা কৰিবলৈ বদৰুদ্দিন আজমলে জনাইছে আহ্বান। জাতি–বৰ্ণ–নিৰ্বিশেষে কাম কৰা নেতা তৰুণ গগৈ আৰু তেওঁৰ বহু প্ৰয়োজন আছে বুলিও বদৰুদ্দিন আজমলে মন্তব্য কৰে।
Published by: Sanjay Kumar Das
First published: November 22, 2020, 3:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading