বিদেশী সংস্থাৰ পৰা ধন লাভৰ অভিযোগক ৰাজনৈতিক শত্ৰুতা আখ্যা আজমলৰ।
বিদেশী সংস্থাৰ পৰা ধন লাভৰ অভিযোগক ৰাজনৈতিক শত্ৰুতা আখ্যা আজমলৰ।
আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰে মিত্ৰতা থাকিব এআইইউডিএফৰ। বিটিচিত পৰাজিত হ'লেও বিধানসভা নিৰ্বাচনত ভাল ফলাফল দেখুৱাব কংগ্ৰেছ-এআইইউডিএফ মিত্ৰজোঁটে। মহানগৰীৰ গাড়ীগাঁও দাৰুল উলুম মাদ্ৰাছাত এই মন্তব্য সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ।
ইফালে বিদেশী সংস্থাৰ পৰা ধন লাভৰ অভিযোগক ৰাজনৈতিক শত্ৰুতা আখ্যা আজমলৰ। বিদেশী সংস্থা পৰা ধন লাভ কৰা অভিযোগৰ ওপৰত সাংবাদিকৰ প্ৰশ্নত কোনো উত্তৰৰ নিদি ধন্যবাদ জনায় আজমলে। আৰু কয় মই জমিয়তৰ সভাপতি। এই সন্দৰ্ভত সংবাদ মেলত কৈছে জমিয়ত প্ৰতিনিধিয়ে। কিন্তু বিদেশী সংস্থাৰ ধন ওপৰত মুখ নুখুলিলে বদৰুদ্দিন আজমলে। বিটিচি নিৰ্বাচনত পৰাজিত হৈছো, পৰাজিত হোৱা দলে একো নকয় বুলি কলে মন্তব্য কৰে আজমলে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|