আমি কংগ্ৰেছক সহায় কৰিছো, আমাক নকৰিলে : আজমল

বিজেপিক হৰুওৱাৰ স্বাৰ্থত আমি কংগ্ৰেছক সহায় কৰিছো, কিন্তু কংগ্ৰেছে আমাক শেষ কৰিব বিচাৰে

news18assam
Updated:April 18, 2019, 11:37 AM IST
আমি কংগ্ৰেছক সহায় কৰিছো, আমাক নকৰিলে : আজমল
বিজেপিক হৰুওৱাৰ স্বাৰ্থত আমি কংগ্ৰেছক সহায় কৰিছো, কিন্তু কংগ্ৰেছে আমাক শেষ কৰিব বিচাৰে
news18assam
Updated: April 18, 2019, 11:37 AM IST
বিজেপিক হৰুওৱাৰ স্বাৰ্থত আমি কংগ্ৰেছক সহায় কৰিছো, কিন্তু কংগ্ৰেছে আমাক শেষ কৰিব বিচাৰে। হোজাইত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহি NEWS18ৰ আগত এই মন্তব্য এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ। আজমলে কয় – কংগ্ৰেছৰ বাবেই আমি ১১খন আসন এৰিছো। মাত্ৰ তিনিখনতহে আমি প্ৰাৰ্থী দিছো। কিন্তু কংগ্ৰেছ দলে এ আই ইউ ডি এফক সম্পূৰ্ণৰূপে নিঃশেষ কৰিব বিচাৰে। কংগ্ৰেছ আৰু বিজেপিৰ মাজতহে ভাল বুজাবুজি আছে বুলিও কয় আজমলে।

আমি কংগ্ৰেছ–বিজেপিৰ বিৰুদ্ধে শক্তিশালী ৰূপত যুঁজ দিছো। বিজেপিয়ে অসমত এখনো আসন জিকিব নোৱাৰে। যদি জিকিব পাৰে সেয়া কংগ্ৰেছৰ বাবেই সম্ভৱ হ’ব। আমি বিজেপিক শেষ কৰিবলৈ গৈ আছো আৰু কংগ্ৰেছে আমাক শেষ কৰিবলৈ গৈ আছে বুলিও মন্তব্য কৰে আজমলে। কংগ্ৰেছে বিচাৰে সকলো শেষ হ’ব লাগে, কেৱল বিজেপি আৰু কংগ্ৰেছ দিল্লীত থাকিব লাগে। আমি ১১খন আসন কংগ্ৰেছৰ বাবে এৰিছো। কিন্তু আমি প্ৰাৰ্থী দিয়া তিনিটা সমষ্টিত কংগ্ৰেছে আমাক হৰুওৱাৰ বাবে চেষ্টা কৰি আছে।

বিজেপিক সহায় কৰাৰ কথা নস্যাৎ কৰি আজমলে কয় – ‘বিজেপিৰ সৈতে আমাৰ কোনো বুজাবুজি নাই। যি বিজেপিয়ে আমাক গাহৰি খুৱাব বিচাৰে, সেই বিজেপিক কিয় সহায় কৰিম? বিজেপিয়ে সংবিধান সংশোধন কৰিব বিচাৰে, হিন্দু ৰাষ্ট্ৰ বনাব বিচাৰে, এয়া উচিত জানো? ৫ বছৰত নৰেন্দ্ৰ মোদীয়ে ভাৰতক হিন্দু ৰাষ্ট্ৰ বনোৱাৰ সপোন দেখিছে, এয়া অসম্ভৱ। মোদীয়ে ‘মুগেৰিলাল কী হাছিন স্বপ্না’ দেখিছে বুলিও কটাক্ষ কৰে বদৰুদ্দিন আজমলে।’
আৰু চাওক পৰৱৰ্তী বাতৰি