আজি হোজাইৰ নীলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয় ধুবুৰীৰ সাংসদ তথা এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল৷ বিদ্যালয়খনত নবনিৰ্মিত প্ৰেক্ষাগৃহ উদ্বোধন কৰে সাংসদ বদৰুদ্দিন আজমলে৷ উদ্বোধনী অনুষ্ঠানত কেতবোৰ বিস্ফোৰক মন্তব্য কৰে সাংসদ বদৰুদ্দিন আজমলে৷ আজমলে কয় যে RSS–এ মুছলমান লোকক নিঃশেষ কৰাৰ পৰিকল্পনা কৰিছে৷ সেইবাবে আজমল ফাউণ্ডেচনৰ দৰে অনুষ্ঠানৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে RSS–এ৷
ইপিনে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযূষ হাজৰিকাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া কৰে আজমলে৷ আজমল ফাউণ্ডেচনৰ ওপৰত উঠা অভিযোগৰ ওপৰত কেন্দ্ৰীয় গৃহ বিভাগক তদন্ত কৰিবলৈ আহ্বান জনায় আজমলে৷
উল্লেখযোগ্য যে হোজাইৰ নীলবাগানৰ মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত সাংসদ বদৰ উদ্দিন আজমল আৰু যমুনামুখ সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আজমলে নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিৰ্মাণ কৰিছিল পেক্ষাগৃহ। ৫০ লাখ টকা খৰচ কৰি আজমলে নিৰ্মাণ কৰিছিল পেক্ষাগৃহটো। এবছৰ সম্পূৰ্ণ নৌহওঁতেই দেৱালত আৰু মজিয়াত দেখা গৈছে একো-একোটা চিৰাল ফাট। এনে অৱস্থাত পেক্ষাগৃহ উদ্বোধন কৰিবলৈ উপস্থিত হল সাংসদ বদৰুদ্দিন আজমল আৰু তেওঁৰ পুত্ৰ যমুনামুখ সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আজমল। উল্লেখযোগ্য যে বিধায়ক আঁচনিৰ অধীনত চলা অধিকাংশ কাম অসম্পূৰ্ণ তথা দালালসকলে আত্মসাৎ কৰাৰ অভিযোগ উঠিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|