‘বিজেপি পুনৰ ক্ষমতালৈ আহিলে ভাঙিব ৩৫০০ মছজিদ’ – ধুবুৰীত ক’লে বদৰুদ্দিন আজমলে

News18 Assam | News18-Assam
Updated:January 20, 2021, 7:07 PM IST
‘বিজেপি পুনৰ ক্ষমতালৈ আহিলে ভাঙিব ৩৫০০ মছজিদ’ – ধুবুৰীত ক’লে বদৰুদ্দিন আজমলে
বিজেপিক সাম্প্ৰদায়িক আখ্যা দি আজমলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে কটাক্ষ কৰে।

বিজেপিক সাম্প্ৰদায়িক আখ্যা দি আজমলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে কটাক্ষ কৰে।

  • Share this:
মিত্ৰতাৰ পিছদিনাই ধুবুৰীৰ গৌৰীপুৰ দুমৰদহত এআইইউডিএফৰ বিশাল জনসভা অনুষ্ঠিত কৰি অজমলে বজালে আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণডংকা। ৰাজ্যত মহাজোটৰ অ‌ংশীদাৰ হোৱাৰ পিছতেই আজি দুমৰদহত কৰ্মীসভা অনুষ্ঠিত কৰি বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰে দলৰ সকলো পৰ্যায়ৰ নেতা–কৰ্মী।

সভাত আজমলে শাসকীয় বিজেপি দলক তীব্ৰ সমালোচনা কৰি কয়, ‘‘পুনৰ বিজেপি ক্ষমতালৈ আহিলে দেশৰ ৩৫০০ মছজিদ ভাঙিব। কাৰণ বিজেপিয়ে বাবৰি মছজিদ ভাঙিছিল।’’

বিজেপিক সাম্প্ৰদায়িক আখ্যা দি আজমলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে কটাক্ষ কৰে। নিৰ্বাচনৰ পূৰ্বে মুছলমানৰ ভোট বিভাজনৰ বাবে বহিঃৰাজ্যৰ পৰা মুছলমান ধৰ্মীয় নেতা বিৰোধীয়ে আমদানি কৰিব বুলি কোৱাৰ লগতে তেওঁলোকৰ কথাত ভোল নাযাবলৈ ৰাইজক আহ্বান জনায়।

কংগ্ৰেছৰ লগত মিত্ৰতা হোৱাৰ পিছদিনাই পৰোক্ষভাৱে ধুবুৰীৰ জনসভাত গৌৰীপুৰ আৰু ধুবুৰী দুটা সমষ্টিতে এআইইউডিএফৰ প্ৰাৰ্থী দিয়া হ’ব বুলি উল্লেখ কৰে আজমলে। কিন্তু সংবাদিকৰ প্ৰশ্নত মিত্ৰজোঁটৰ বৈঠকৰ পিছতহে সমষ্টি ভাগ বটোৱাৰা হ’ব বুলি তৎপৰ্যপূৰ্ণ মন্তব্য কৰে আজমলে।

সভাখনত এআইইউডিএফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল ৰ লগতে গৌৰীপুৰৰ বিধায়ক মিজানুৰ ৰহমান, ধুবুৰীৰ বিধায়ক নজৰুল হক, গোৱালপাৰা জিলাৰ জলেশ্বৰৰ বিধায়ক ছাহাবউদ্দিন শ্বেখ আৰু বৰপেটা জিলাৰ জনিয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম উপস্থিত থাকি বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে।

সভাত ধুবুৰীৰ বিধায়ক নজৰুল হকে এই চৰকাৰে দিয়া বিভিন্ন আঁচনিৰ নামত দিয়া ধন বিজেপিক ভোট নিদিলে ঘূৰাই লোৱা হ’ব বুলি বিজেপি নেতাই প্ৰচাৰ চলোৱা বুলি অভিযোগ উত্থাপন কৰে। কিন্তু ৰাইজক উক্ত কথাত ভোল নাযাবলৈ আহ্বান জনায় তেওঁ। উক্ত সভাত গৌৰীপুৰ, ধুবুৰী আৰু গোলকগঞ্জ বহু লোক উপস্থিত থাকে।
Published by: Sanjay Kumar Das
First published: January 20, 2021, 7:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি