
মঙলবাৰেও দুয়োটা কাগজ কল পুনৰুজ্জীৱিত কৰাৰ স্বাৰ্থত সদনত ব্যক্তব্য ৰাখিছিল।
মঙলবাৰেও দুয়োটা কাগজ কল পুনৰুজ্জীৱিত কৰাৰ স্বাৰ্থত সদনত ব্যক্তব্য ৰাখিছিল।
নতুন দিল্লীৰ সংসদ ভৱনৰ সন্মুখত কংগ্ৰেছৰ পাঁচগৰাকী সাংসদৰ সৈতে একে লগ হৈ ধৰ্ণা দিয়া দেখা গ'ল এআইইউডিএফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল আৰু ৰাজ্যসভাৰ নিৰ্দলীয় সাংসদ অজিত কুমাৰ ভূঞাক। নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত অসমৰ বিৰোধী সাতগৰাকী সাংসদে নতুন দিল্লীৰ সংসদ ভৱনৰ গান্ধী মূৰ্তিৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচীত পালন কৰে।
বুধবাৰৰ প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ তিনিগৰাকী লোকসভাৰ সাংসদ ক্ৰমে গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ আৰু আব্দুল খালেকৰ উপৰি কংগ্ৰেছৰে দুগৰাকী ৰাজ্যসভাৰ সাংসদ ক্ৰমে ৰিপুণ বৰা আৰু ৰাণী নৰহে অংশগ্ৰহণ কৰিছিল। মঙলবাৰেও দুয়োটা কাগজ কল পুনৰুজ্জীৱিত কৰাৰ স্বাৰ্থত সদনত ব্যক্তব্য ৰাখিছিল। আগন্তুক ২০২১ চনৰ বিধান সভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিৰোধী সাংসদৰ বুধবাৰৰ প্ৰতিবাদী কাৰ্যসূচীয়ে অসমৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|