আজি ৩১ মাৰ্চ৷ বড়োসকলৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৬৭ সংখ্যক জন্ম দিৱস৷ বডোফাৰ জন্মদিৱস উপলক্ষে শুকুৰবাৰে কোকৰাঝাৰৰ দোতমাৰ থুলুংগাপুৰিস্থিত বডোফাৰ সমাধিক্ষেত্ৰ চৌহদত এবছুৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে বডোফাৰ ৬৭সংখ্যক জন্ম দিৱস তথা ছাত্ৰ দিৱস উদযাপন৷
পুৱা এবছুৰ পতাকা উত্তোলন কৰা হয়। তাৰ পিছতে বডোফাৰ সমাধি ক্ষেত্ৰৰ লগতে প্ৰতিমূৰ্তিত পুস্পাঞ্জলি অৰ্পণ কৰা হয়। শান্তি কামনাৰে বগা পাৰ চৰাই উৰুওৱাৰ লগতে বৃক্ষ ৰোপণ, শান্তি সমদল আদি উলিওৱা হয়৷ আনপিনে প্ৰথমবাৰৰ বাবে ৰাজ্যজুৰি অসম চৰকাৰে বডোফাৰ জন্মদিৱস ছাত্ৰ দিৱস হিচাপে উদযাপন কৰিছে৷
উল্লেখ্যযোগ্য যে দোতমাৰ থুলুংগাপুৰিত আয়োজিত বডোফাৰ জন্ম দিৱসৰ কাৰ্যসূচীত এবছুৰ সভাপতি দীপেন বড়ো, ৰাজ্যৰ হস্ততাঁত আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, অৰণ্য মানৱ যাদৱ পায়েঙৰ উপৰি এবছুৰ কেবাটাও আঞ্চলিকৰ নেতৃবৃন্দ, ছাত্ৰ-ছাত্ৰী আৰু ৰাইজ উপস্থিত থাকে৷
FIRST PUBLISHED : March 31, 2023, 12:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।