বৃহস্পতিবাৰে শিৱসাগৰত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে বিতৰ্কিত লেখক সত্যৰঞ্জন বৰাই।
বৃহস্পতিবাৰে শিৱসাগৰত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে বিতৰ্কিত লেখক সত্যৰঞ্জন বৰাই।
সাংসদ বাদৰুদ্দিন আজমল সন্ত্ৰাসবাদৰ পিতৃ। এই বিস্ফোৰণ বিতৰ্কিত সত্য ৰঞ্জন বৰাৰ।
বৃহস্পতিবাৰে শিৱসাগৰত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে বিতৰ্কিত লেখক সত্যৰঞ্জন বৰাই। সংবাদমেলত সত্যৰঞ্জনে কয় যে, ‘বিগত বছৰত আজমল ফাউণ্ডেশ্যনলৈ বিদেশৰ পাঁচ ঠাইৰ পৰা আহিছে ৬৯.৫ কোটি টকা। ইয়াৰে মাত্ৰ ২.০৫ কোটি টকা আজমল ফাউণ্ডেশ্যনে সমাজসেৱা মূলক কামত ব্যৱহাৰ কৰে। বাকী সমূদায় টকা হিন্দু বিৰোধী শক্তিৰ নামত খৰচ কৰে আজমল ফাউণ্ডেশ্যনে।
শিৱসাগৰ পৰ্যটন ভৱনত অনুষ্ঠিত সংবাদমেল খনত সত্যৰঞ্জন বৰা আমছুৰ বিৰুদ্ধেও সৰৱ হৈ পৰে । লক্ষণীয়ভাৱে বিদেশী পুঁজি পঠিওৱা সংস্থা সমূহৰ বহুকেইটা ভাৰত বিৰোধী ইছলামিক সন্ত্রাসবাদী সংগঠনৰ সৈতে জড়িত। অচিৰেই সত্যৰঞ্জন বৰাই আজমলৰ বিৰুদ্ধে গুৱাহাটীত ৰুজু কৰিব এক গোচৰ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|