মোদী, অমিত শ্বাহ, হিমন্তক নাঁৱত তুলি বাংলাদেশলৈ পঠিয়াব আজমলে!

মিছন ২০২১ লৈ নিৰ্বাচনী সভাত আজমলৰ মন্তব্য নিৰ্বাচনৰ পিছতে তেওঁ নৰেন্দ্ৰ মোদীক বাংলাদেশলৈ খেদি পঠিয়াব। কেৱল ইমানেই নহয় আজমলৰ মতে ধুবুৰী–বৰপেটাৰ কংগ্ৰেছ আৰু অগপ প্ৰাৰ্থী হিমন্ত বিশ্বৰ এজেণ্ট।

news18assam
Updated:April 21, 2019, 8:31 AM IST
মোদী, অমিত শ্বাহ, হিমন্তক নাঁৱত তুলি বাংলাদেশলৈ পঠিয়াব আজমলে!
মিছন ২০২১ লৈ নিৰ্বাচনী সভাত আজমলৰ মন্তব্য নিৰ্বাচনৰ পিছতে তেওঁ নৰেন্দ্ৰ মোদীক বাংলাদেশলৈ খেদি পঠিয়াব। কেৱল ইমানেই নহয় আজমলৰ মতে ধুবুৰী–বৰপেটাৰ কংগ্ৰেছ আৰু অগপ প্ৰাৰ্থী হিমন্ত বিশ্বৰ এজেণ্ট।
news18assam
Updated: April 21, 2019, 8:31 AM IST
প্ৰধানমন্ত্ৰী মোদী জয়ী হ’লে সংখ্যলঘূ সকলক বাংলাদেশলৈ পঠিয়াব আৰু আজমল জয়ী হ’লে মোদীক চাহ দোকান দিবলৈ খেদি পঠিয়াব, কেৱল ইমানেই নহয় নিৰ্বাচনৰ পিছত মোদী, অমিত শ্বাহ আৰু হিমন্ত বিশ্বক নাঁৱত তুলি বাংলাদেশলৈ বিদায় দিব আজমলে! গছত গৰু উঠাৰ দৰে লাগিলেও এনেধৰনৰ কথাৰে সংখ্যালঘূৰ ভোট আদায়ৰ চেষ্টা ধুবুৰীৰ সাংসদ তথা এআইইউডিএফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ। বৰপেটাত দলীয় প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামৰ হৈ জনসভাত অংশ লৈ আজমলৰ ঘোষণা লোকসভা নিৰ্বাচনেই নহয় তেওঁ সাজু হৈছে মিছন ২০২১লৈ। হয়,  লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই থকাৰ পৰা একেকোবে গৈ ২০২১ৰ বিধানসভা নিৰ্বাচন পালেগৈ বদৰুদ্দিন আজমল। মিছন'২১ ৰ ঘোষণাৰে  বৰপেটাৰ গৰৈমাৰীত এআইইউডিএফৰ সভাপতিগৰাকীৰ দাবী ইউপিপিএল, এএছডিচি আৰু ৰাজ্যৰ আন সৰু সৰু ৰাজনৈতিক দলসমূহক একত্ৰিত কৰি ২০২১চনৰ বিধানসভা নিৰ্বাচনলৈ তেওঁ সাজু হৈছে। বৰপেটাৰ দলীয় প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনাই আজমলে দাবী কৰে কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকে হিমন্ত বিশ্বৰ টকা লৈ নিৰ্বাচনত উঠিছে। অগপৰ প্ৰাৰ্থী জাভেদ ইছলাম আৰু ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীও হিমন্ত বিশ্বৰ এজেণ্ট। এনেদৰে কেতিয়াবা বিতৰ্কিত কেতিয়াবা উদ্ভট মন্তব্যৰে সংখ্যালঘূৰ মাজত ত্ৰাণকৰ্তা হ’বলৈ আপ্ৰাণ চেষ্টা কৰিছে আজমলে।
আৰু চাওক পৰৱৰ্তী বাতৰি