সাংসদ অজিত কুমাৰ ভূঞাক লগত লৈ নগাঁৱত ব্যক্তিগত স্কুল উদ্বোধন কৰিলে ৰকিবুল হুছেইনে। "অহাবাৰ ধুবুৰীতে এআইইউডিএফৰ মুখীয়াজন হাৰিব।"- নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ।
সাংসদ অজিত কুমাৰ ভূঞাক লগত লৈ নগাঁৱত ব্যক্তিগত স্কুল উদ্বোধন কৰিলে ৰকিবুল হুছেইনে। "অহাবাৰ ধুবুৰীতে এআইইউডিএফৰ মুখীয়াজন হাৰিব।"- নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ।
"অহাবাৰ ধুবুৰীতে এআইইউডিএফৰ মুখীয়াজন হাৰিব।"- নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে। বিধায়ক আমিনুল ইছলামে অসমত কংগ্ৰেছ ধ্বংস হ'ল বুলি কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত ৰকিবুল হুছেইনে কয়, "তেওঁৰ কথাৰ উত্তৰ মই নিদিও। কিন্তু তেওঁলোকৰ দলটোৰ মুখ্যজনেই এইবাৰ ধুবুৰীত হাৰিব।"
ইপিনে অসমৰ বিধায়ক আৱাসৰ সন্মুখত "বিধায়ক চোৰৰ পৰা সাৱধান" নামৰ ফলক লগাবলৈ চৰকাৰক উপদেশ দি ৰকিবুলে কয়, "আজিকালি অনবৰতে বিধায়ক চুৰি হোৱাৰ ভয় হৈছে। সেয়ে সকলো বিধায়ক আৱাসৰ সন্মুখতে এনে ফলক লগোৱা উচিত।"
ইপিনে কংগ্ৰেছৰ নেতৃত্বৰ প্ৰতি পৃথ্বী মাঝি, নীলমণি সেন ডেকাৰ দৰে নেতাৰ অসন্তুষ্টি সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন সোধাত তেঁও কয়, "কংগ্ৰেছৰ নেতা তেওঁলোক নিজেই। গতিকে এনে অসন্তুষ্টিৰ কথাই নাহে। কিন্তু চৰকাৰখনে ৰাইজৰ ধন অপচয় কৰিছে। সেয়াহে আমি আলোচনা কৰা উচিত।"
উল্লেখযোগ্য যে, আজি সন্ধ্যা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঁঞাক লগত লৈ চামগুৰিৰৰ বিধায়ক ৰকিবুল হুছেইন এখন ব্যক্তিগত স্কুলৰ উদ্বোধন কৰে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|