অসমত কোনো বাংলাদেশী নাই বুলি দাবী কৰাতেই ক্ষান্ত নাথাকি অসমৰ নেতৃত্ব বদৰুদ্দিন আজমলে ল'ব লাগে বুলি দাবীয়েই কৰিলে AIUDFৰ সোণাইৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই।
অসমত কোনো বাংলাদেশী নাই বুলি দাবী কৰাতেই ক্ষান্ত নাথাকি অসমৰ নেতৃত্ব বদৰুদ্দিন আজমলে ল'ব লাগে বুলি দাবীয়েই কৰিলে AIUDFৰ সোণাইৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই।
আকৌ আহিছে একেটা প্ৰসংগ ৷ শুনি আচৰিত হ'লেও এই আহ্বানেই জনালে AIUDFৰ এজন বিধায়কে ৷ ক'লে, উজনি অসমৰ বুদ্ধিজীৱীয়ে বিচাৰিছে বদৰুদ্দিন আজমলৰ নেতৃত্ব ৷ প্ৰসংগটো আহিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলকলৈ ৷
অসমত কোনো বাংলাদেশী নাই বুলি দাবী কৰাতেই ক্ষান্ত নাথাকি অসমৰ নেতৃত্ব বদৰুদ্দিন আজমলে ল'ব লাগে বুলি দাবীয়েই কৰিলে AIUDFৰ সোণাইৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই। বৰভূঞাই এই সন্দৰ্ভত কয় যে, "বদৰুদ্দিন আজমলে নেতৃত্ব লোৱাতো বহুতে বিচাৰি আছে ৷ উজনি অসমৰ বহু বুদ্ধিজীৱীয়ে বিচাৰিছে বদৰুদ্দিন আজমলৰ নেতৃত্ব ৷ শিক্ষাৰ দিশত আজমল ডাঙৰীয়াই লোৱা পদপেক্ষপক বহুতে জনাইছে আদৰণি ৷"
AIUDFৰ সোণাইৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ এয়া জিভা পিচলি ওলোৱা কথা নহয় ৷ এয়া জানি শুনি কৰা এক মন্তব্য ৷ য'ত কৰিম উদ্দিন বৰভূঞাই স্পষ্টকৈ কৈছে দুবাৰকৈ দিছপুৰ দখল কৰা সৰ্বানন্দ সোণোৱাল, ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সলনি উজনিৰ বুদ্ধিজীৱীয়ে বিচাৰিছে বদৰুদ্দিন আজমলকহে ৷
একেদৰে,অসম আন্দোলন,অসম চুক্তিৰ বিৰোধিতাৰে জন্ম হোৱা AIUDFৰ নেতাৰ মুখত এতিয়া আখৈ ফুটাদি ফুটিবলৈ অসম আৰু অসমীয়াৰ কথা ৷ অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰিব বুলি ক'লে জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামেও। "আমাৰ ভোট বিজেপিৰ বিৰুদ্ধে ৷ আমি অসম আৰু অসমীয়াৰ স্বাৰ্থত বিজেপিক ৰাজ্যসভাত পৰাভূত কৰিবই লাগিব ৷ অসম আৰু অসমীয়াৰ স্বাৰ্থত আমি সদায় মাত মাতি যাম ৷"- এনেদৰে কয় জনীয়াৰ বিধায়কগৰাকীয়ে।
ইফালে AIUDFৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই বদৰুদ্দিন আজমল সম্পৰ্কে কৰা মন্তব্যৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াই। ঠাকুৰীয়াই কয় যে,"আজমলৰ এই সপোন অবাস্তৱ ৷ সপোন দেখি লাভেই নাই ৷ উজনি বাদেই নামনিতো খহিছে AIUDFৰ ভেটি ৷"
হেমাংগ ঠাকুৰীয়াইয়াৰ বিপৰীতে, কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ মতে বদৰুদ্দিন আজমলে অসমৰ নেতৃত্ব লোৱাত আপত্তি কি? সমগ্ৰ দেশৰ নেতৃত্ব আজমলে লোৱাতো বিচাৰে কংগ্ৰেছী জাকিৰ হুছেইন শিকদাৰে ৷ এতিয়া এই বিষয়টোক উজনিৰ বুদ্ধিজীৱীয়ে কি কয় তালৈ নিশ্চয় বাট চাব সকলোৱে ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|