• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘হিমন্ত বিশ্ব শৰ্মাক মানসিক চিকিৎসাৰ প্ৰয়োজন আছে’- প্ৰয়োজনত আজমলে বিনামূলীয়াকৈ কৰাব মন্ত্ৰী হিমন্তৰ চিকিত্‍সা

‘হিমন্ত বিশ্ব শৰ্মাক মানসিক চিকিৎসাৰ প্ৰয়োজন আছে’- প্ৰয়োজনত আজমলে বিনামূলীয়াকৈ কৰাব মন্ত্ৰী হিমন্তৰ চিকিত্‍সা

সাংসদ  আজমলক বুঢ়া আঙুলি দেখুৱালেও মন্ত্ৰী হিমন্তক ক্ষমা কৰি দিয়া বুলি মন্তব্য কৰে বদৰুদ্দিন আজমলে।

সাংসদ  আজমলক বুঢ়া আঙুলি দেখুৱালেও মন্ত্ৰী হিমন্তক ক্ষমা কৰি দিয়া বুলি মন্তব্য কৰে বদৰুদ্দিন আজমলে।

সাংসদ  আজমলক বুঢ়া আঙুলি দেখুৱালেও মন্ত্ৰী হিমন্তক ক্ষমা কৰি দিয়া বুলি মন্তব্য কৰে বদৰুদ্দিন আজমলে।

  • Share this:
‘মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মানসিক চিকিৎসাৰ প্ৰয়োজন আছে।’ প্ৰয়োজনত সাংসদ মৌলানা বদৰুদ্দিন আজমলে তেওঁৰ হোজাইৰ হাম হাস্পতালত বিনামূলীয়া চিকিৎসা কৰাৰ হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্তই  বুঢ়া আঙুলি দেখুওৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মঙলবাৰে এনেদৰে কয় এআইইউডিএফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে।

সাংসদ  আজমলক বুঢ়া আঙুলি দেখুৱালেও মন্ত্ৰী হিমন্তক ক্ষমা কৰি দিয়া বুলি মন্তব্য কৰে বদৰুদ্দিন আজমলে। হিমন্ত বিশ্ব শৰ্মাক নিজৰ সৰু ভাতৃ বুলি সম্বোধন কৰি তেওঁক উগ্ৰ নহৈ অলপ শান্ত হ’বলৈও পৰামৰ্শ দিয়ে বদৰুদ্দিন আজমলে।

আজমলৰ মতে ২১ত ক্ষমতালৈ আহিব বিৰোধী মহাজোঁট। ক্ষমতালৈ আহিলে বিজেপিয়ে সভা কৰাৰ দৰেই মহাজোঁটৰ চৰকাৰেও শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কৰিব সভা। ইফালে বিহাৰৰ নিৰ্বাচনত EVM জিন্দাবাদ বুলি এনডিএক কটাক্ষ কৰে আজমলে। মোদী , হিমন্তক ইভিএমৰ এক্সপাৰ্ট বুলি সমালোচনা কৰে সাংসদগৰাকীয়ে। উল্লেখযোগ্য যে, মঙলবাৰে গুৱাহাটীৰ শিল্পগ্ৰামত অনুষ্ঠিত এআইইউডিএফ যুৱ মৰ্চাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত অংশ লৈছিল বদৰুদ্দিন আজমলে। 
Published by:Himangshu Bhuyan
First published: