• Home
  • »
  • News
  • »
  • assam
  • »
  • হিমন্ত বিশ্ব শৰ্মাই AIUDFক ভয় কৰিছে ! তলা-ছাবি কি গোন্ধাই নেকি, পদুম ফুলৰ কি গোন্ধ আছে ? আজমলে উভতি ধৰিলে মুখ্যমন্ত্ৰীক...

হিমন্ত বিশ্ব শৰ্মাই AIUDFক ভয় কৰিছে ! তলা-ছাবি কি গোন্ধাই নেকি, পদুম ফুলৰ কি গোন্ধ আছে ? আজমলে উভতি ধৰিলে মুখ্যমন্ত্ৰীক...

তলা-ছাবিতকৈ মুখ্যমন্ত্ৰীয়ে মোৰ আতৰৰ গোন্ধৰ কথা ক'লে মই মানি ল'ম: আজমল 

তলা-ছাবিতকৈ মুখ্যমন্ত্ৰীয়ে মোৰ আতৰৰ গোন্ধৰ কথা ক'লে মই মানি ল'ম: আজমল 

তলা-ছাবিতকৈ মুখ্যমন্ত্ৰীয়ে মোৰ আতৰৰ গোন্ধৰ কথা ক'লে মই মানি ল'ম: আজমল 

  • Share this:
“AIUDFৰ তলা-ছাবিত গোন্ধ আছে ৷ এইটো গোন্ধোৱা দল”ভৱানীপুৰত BJPৰ প্ৰাৰ্থী ফণী তালুকদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এনেদৰে AIUDFক কটাক্ষ কৰিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ এই কটাক্ষৰ উত্তৰ বৃহস্পতিবাৰে দিলে AIUDFৰ মূৰব্বী বদৰুদ্দিন আজমলে ৷ আজমলে ক'লে- “সকলোৱে তলা ব্যৱহাৰ কৰে, তলা-ছাবি কি গোন্ধাই নেকি? তলা ঘৰত ব্যৱহাৰ কৰে, গাড়ীত ব্যৱহাৰ কৰে, দোকানত ব্যৱহাৰ কৰে ৷ কোনোবাই তলা-ছাবি গোন্ধ পাইছে নেকি? মুখ্যমন্ত্ৰীয়ে কোৱা কথাত মোৰ হাঁহি উঠিছে ৷”

মুখ্যমন্ত্ৰীৰ কথা শুনি হেনো হাঁহি উঠিল বদৰুদ্দিন আজমলৰ ৷ AIUDFৰ দলীয় প্ৰতীক তলা-ছাবিক লৈ মুখ্যমন্ত্ৰীয়ে কৰা কটাক্ষৰ উত্তৰত আজমলে BJPৰ দলীয় প্ৰতীক পদুম ফুলৰ কি গোন্ধ আছে বুলি প্ৰশ্ন কৰে ৷

তলা-ছাবি গোন্ধাই বুলি মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছত বদৰুদ্দিন আজমলে ক'লে আতৰৰ গোন্ধ আৰু ব্যৱসায়ৰ কথা ৷ আতৰৰ গোন্ধৰ কথা ক'লে আজমলে নিশ্চয় শুনিলেহেতেঁন ৷ কিয়নো আজমলে ক'লে- “আমাৰ আতৰৰ ব্যৱসায়ত চাৰে তিনি হাজাৰ বিধ আতৰৰ Product আছে ৷ সেইবোৰৰ কোনোটোক কোনোৱাই পছন্দ নকৰিব পাৰে ৷ কোনোটোক বেছি পছন্দ কৰিব পাৰে ৷ মুখ্যমন্ত্ৰীয়ে আমাৰ আতৰৰ Productৰ কথা ক'লে আমি শুনিলোঁহেতেঁন ৷”

ইপিনে ভৱানীপুৰৰ আন এক প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজমলক সমালোচনা কৰি কৈছিল যে আজমলে মহিলাসকলক যিমান পাৰি সিমান সন্তান জন্ম দিবলৈ কয় আৰু আজমলে মহিলাসকলক তলা-ছাবি মাৰি ঘৰত সোমোৱাই ৰাখে ৷

মুখ্যমন্ত্ৰীৰ সমালোচনাৰ উত্তৰ দি AIUDFৰ মূৰব্বী আজমলে বৃহস্পতি ক'লে- “মই ক'তো মহিলাক বেছি সন্তান জন্ম দিয়াৰ কথা কোৱা নাই ৷ মুখ্যমন্ত্ৰীয়ে যি মন যায় ক'ব পাৰে ৷ আমিতো তেওঁক বাধা দিব নোৱাৰোঁ। তেওঁ কৈছে, আমি মহিলাসকলক তলা মাৰি ঘৰত ৰাখোঁ ৷ মহিলাসকলক যদি তলা মাৰি ঘৰত ৰাখোঁ, তেন্তে কেনেকৈ ভোট দিবলৈ মহিলাসকল ওলাই আহিব ৷ ভৱানীপুৰত ৫০ হাজাৰ মুছলমান ভোটাৰ আছে ৷ মহিলাৰ ভোটাৰৰ সংখ্যাও ৫০% ৷ তেনে ক্ষেত্ৰত আমি তলা মাৰি থ'লে মহিলাই আমাক ভোট কেনেকৈ দিব?”

মুখ্যমন্ত্ৰীয়ে আজমল আৰু AIUDFক সমালোচনা কৰিবলৈ আৰম্ভ কৰাৰ কাৰণো বৃহস্পতিবাৰে ব্যাখ্যা কৰিলে বদৰুদ্দিন আজমলে ৷ আজমলে ক'লে- “মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ আদি দলক কেয়াৰেই কৰা নাই ৷ কেৱল মুখ্যমন্ত্ৰীয়ে AIUDFক হে ভয় কৰি আছে ৷”
Published by:Kokil Sarma
First published: