মুখ্যপৃষ্ঠা »খবৰ »অসম »বদৰুদ্দিন আজমল ঔৰংজেৱৰ দ্বিতীয় সংস্কৰণ, অসমৰ সমাজে আৰৱীয় সংস্কৃতি কেতিয়াও মানি নলয়: বিধায়ক দিগন্ত কলিতা

বদৰুদ্দিন আজমল ঔৰংজেৱৰ দ্বিতীয় সংস্কৰণ, অসমৰ সমাজে আৰৱীয় সংস্কৃতি কেতিয়াও মানি নলয়: বিধায়ক দিগন্ত কলিতা

মহাৰাজা পৃথুৱে খিলজীক পৰাজিত কৰাৰ দৰে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমবাসীয়ে আজমল বাহিনীকো মষিমূৰ কৰিব: বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা

মহাৰাজা পৃথুৱে খিলজীক পৰাজিত কৰাৰ দৰে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমবাসীয়ে আজমল বাহিনীকো মষিমূৰ কৰিব: বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা

  • Share this:
“খিলজী, দাস বংশ, চুলতান আৰু মোগল সকলৰ হামে সংস্কৃতিৰ আজমল হ’ল সমসাময়িক সংস্কৰণ। মধ্য যুগৰ ভাৰতৰ ওপৰত আক্রমণ চলোৱা মুছলমান আক্ৰমণকাৰীসকলে ভূ-খণ্ড দখল কৰাৰ পিছত হিন্দু পুৰুষক হত্যা কৰি মহিলাসকলক লৈ হাৰেম তৈয়াৰ কৰিছিল। মুছলমান শাসকৰ হাতে নাৰীক শাৰীৰিকভাৱে নিৰ্যাতন চলোৱাৰ লগতে সামহিকভাৱে যৌন উৎপীড়ন চলোৱা হৈছিল। ভাৰতীয় ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই হামেত চলা এনে বৰ্বৰতাৰ কথা আমি সকলোৱে পঢ়িছো। খিলজী-মোগলৰ হামে সংস্কৃতিৰ ধাৰাবাহিকতা ৰক্ষা কৰিব বিচাৰিছে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে” এই মন্তব্য ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ। দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱন’ত অনুষ্ঠিত হোৱা এক সংবাদমেলত শ্ৰী শৰ্মাই আজমলৰ অসংসদীয় বক্তব্যৰ তীব্র প্রতিক্রিয়া প্ৰকাশ কৰি এনেদৰে মত পোষণ কৰে। আজি সংবাদমেলত বিধায়ক দিগন্ত কলিতা আৰু দলৰ সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলো উপস্থিত আছিল। শৰ্মাই লগতে কয়, আজমল আৰু তেওঁৰ বাহিনীয়ে নাৰীক এতিয়াও পণ্য সামগ্ৰী হিচাপে গণ্য কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি আজমলে কৰা অশোভনীয় মন্তব্য সভ্য সমাজৰ বাবে এক প্রত্যাহ্বান বুলি শৰ্মাই বর্ণনা কৰে। লগতে আজমলক ইছলামীয় সমাজে প্ৰদান কৰা মৌলবী উপাধি কাঢ়ি ল'বৰ বাবেও বিজেপিৰ মুখপাত্ৰজনে সংশ্লিষ্ট লোক সকলৰ প্রতি আহ্বান জনায় ৷

আনহাতে এ আই ইউ ডি এফৰ সভাপতি জনক ঔৰংজেৱৰ লগত তুলনা কৰি অসমৰ সমাজে আৰৱীয় সংস্কৃতি কেতিয়াও মানি নলয় বুলি বিধায়ক দিগন্ত কলিতাই হুংকাৰ দিয়ে। কলিতাৰ মতে আজমলৰ দৰে নিকৃষ্ট মানসিকতাৰ লোকক সামাজিক আৰু ৰাজনৈতিকভাৱে এঘৰীয়া কৰাৰ প্ৰয়োজন আছে। সমাজ জীৱনক কলুষিত কৰা বক্তব্য দিয়া আজমল সম্পর্কত মুছলমান চিভিল ছ'চাইটিয়েও কঠোৰ আৰু স্পষ্ট সিদ্ধান্ত লোৱাৰ সময় সমাগত বুলি বিজেপিৰ বিধায়কজনে কয়।উল্লেখযোগ্য যে বাৰশ শতিকাত নালান্দা বিশ্ববিদ্যালয় ধ্বংস কৰি বখতিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল। সেই সময়ত অসমৰ ৰজা আছিল পৃথু। মহাৰাজা পৃথুৰ নেতৃত্বত অসমৰ সকলো জাতি জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোক একত্ৰিত হৈ বখতিয়াৰ খিলজীৰ দহ হাজাৰ অশ্বাৰোহী সৈন্যৰ বিশাল বাহিনীক পৰাজিত কৰা লগতে ৰণভূমিত কচুকটা দিছিল। একেটা আৰ্হিত আজমলে অসমৰ সনাতন সভ্যতা-সংস্কৃতিলৈ আক্রমণ নমাই আনিছে। আজমল বাহিনীৰ এই আগ্রাসনক অসম বাসীয়ে মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আকৌ এবাৰ পৰাজিত কৰিব বুলি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই মত পোষণ কৰে। মহাৰাজা পৃথুৱে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি পদাতিক সেনাৰ এক বিশাল ফৌজ গঠন কৰি বতিয়াৰক পৰাজিত কৰাৰ দৰে মাননীয় মুখ্যমন্ত্ৰীয়েও অসমৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আজমলৰ নেতৃত্বত ন-ৰূপত আৰম্ভ হোৱা খিলজী-মোগলৰ সাংস্কৃতিক, ৰাজনৈতক আগ্রাসন অসমবাসীয়ে প্রতিহত কৰিব বুলি শ্রী শমইি মত পোষণ কৰে। বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ জনৰ মতে, পমুৱা মুছলমানৰ ৰাজনৈতিক আৰু সামাজিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বদৰুদ্দিন আজমলে মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ্ক লক্ষ্য কৰি কৰা অশোভনীয় বক্তব্য এক পৰিকল্পিত কুচকাৱাজ । উল্লেখযোগ্য যে অসম চৰকাৰে সত্ৰৰ ভূমি বেদখল সম্পৰ্কত চৰজমিন তদন্তৰ বাবে বিধায়ক প্রদীপ হাজৰিকাৰ অধ্যক্ষতাত গঠন কৰি দিয়া আয়োগে ২ ডিচেম্বৰৰ দিনা তেওঁলোকৰ প্রথম প্রতিবেদন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰে। এই প্রতিবেদন দাখিল কৰাৰ কেইঘণ্টামানৰ পিছতেই বদৰুদ্দিন আজমলে অসংসদীয় শব্দ প্রয়োগেৰে মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লয়। আমি সকলোৱে জানো যে সত্ৰৰ ভূমি পমুৱা মুছলমানে বেদখল কৰি আছে। এই পমুৱা সকলেই আজমলৰ ভোটবেংক। নিজৰ ভোটবেংক সুৰক্ষিত কৰি ৰখাৰ বাবেই আজমলে অশ্লীল শব্দ প্ৰয়োগেৰে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰা বুলি শৰ্মাই কয়।

শেহতীয়া বাতৰি