বদৰুদ্দিন আজমলৰ ‘গামোচা’ বিতৰ্ক! AIUDF নেতাৰ মতে, ধন্যবাদহে জনাব লাগে বদৰুদ্দিন আজমলক

পবিত্ৰ "জাই নামাজ"ৰ সময়ত গামোচা ব্যৱহাৰ কৰাটোৱে গামোচা খনক সন্মান কৰাটোহে বুজাইছেঃ আমিনুল ইছলাম
পবিত্ৰ "জাই নামাজ"ৰ সময়ত গামোচা ব্যৱহাৰ কৰাটোৱে গামোচা খনক সন্মান কৰাটোহে বুজাইছেঃ আমিনুল ইছলাম
- News18 Assam
- Last Updated: August 23, 2020, 4:33 PM IST
ইছলামে কয় যে, ‘আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে অতি গুৰুত্বপূৰ্ণ ‘জাই নামাজ’ চাফ চিকুন, পবিত্ৰ কাপোৰৰ ওপৰত পঢ়িব লাগে। আল্লাক সন্তুষ্ট কৰিবলৈ বা দোৱা আদায়ৰ বাবে পবিত্ৰ গামোচা ব্যৱহাৰ কৰি বদৰুদ্দিন আজমলে প্ৰকৃততে গামোচাৰ গুৰুত্ব বঢ়াইছে। কিন্তু আজমলক ধন্যবাদ দিয়াটো দূৰৰ কথা, গুৰুত্ব নুবুজা এচাম স্বাৰ্থলোভী দুৰ্বল মানসিকতাৰ লোকে এই ছবি দেখুৱাই আজমলক হেয় কৰিব বিচৰা কাৰ্যক গৰিহণা দিছো।’
ইফালে শেহতীয়াভাৱে বিজেপিক কৰিবলৈ কংগ্ৰেছ আৰু এআইইউডিএফয়ে মহাজোঁট গঠন কৰিবলৈ আগবঢ়াত বিজেপি দলে শংকিত হৈছে বুলিও কয় বিৰোধী দলটোৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে।