উত্থাপিত হোৱা অভিযোগ এতিয়া অস্বীকাৰ কৰিছে বদৰুদ্দিন আজমলে।
উত্থাপিত হোৱা অভিযোগ এতিয়া অস্বীকাৰ কৰিছে বদৰুদ্দিন আজমলে।
ভাৰত বিৰোধী কামত ব্যৱহাৰ হয় আজমল ফাউণ্ডেচনৰ ধন। সন্ত্ৰাসবাদী সংগঠনে হিন্দুৰ বিৰুদ্ধে কাম কৰিবলৈ আজমল ফাউণ্ডেচনলৈ যোগান ধৰে ধন। আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘটনাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক তদন্ত কৰিবলৈ আহ্বান জনাইছিল। কিন্তু উত্থাপিত হোৱা অভিযোগ এতিয়া অস্বীকাৰ কৰিছে বদৰুদ্দিন আজমলে।
‘আজমল ফাউণ্ডেচনৰ টকা অবৈধ নহয়। এফ চি আৰৰ টকা চুৰি বা ডকাইতিৰ টকা নহয়। গৃহ মন্ত্ৰণালয় অথবা বিত্ত মন্ত্ৰণালয়ৰ অধীনত আহে এই টকা। এই টকাসমূহ এফ চি আৰৰ অধীনত আহে। যিসকলে অভিযোগ দিছে তেওঁলোকে নাজানে এফ চি আৰৰ বিষয়ে। এফ চি আৰৰ টকা মুকলি কৰি দিওঁতে কমেও এবছৰ সময় লাগে। টকা মুকলি কৰি দিয়াৰ সময়ত হাজাৰটা তদন্ত কৰে। যিসকলে দান-বৰঙণি দিয়ে তেওঁলোকৰো তদন্ত হয়। যিসকলে এফ চি আৰৰ টকা লাভ কৰে তেওঁলোকৰো তদন্ত হয়।’- এই মন্তব্য বদৰুদ্দিন আজমলৰ।
আজমলে লগতে কয় যে, ‘ৰাজনৈতিক শত্ৰুৱে এনে অপপ্ৰচাৰ চলাইছে। কাৰোবাৰ যদি মনটো ভাল সকলো স্পষ্ট দেখিব। যদি কাৰোবাৰ মন বেয়া সকলো ক’লা ক’লা দেখিব। যিসকলে এই মিছা অভিযোগ দিছে সেইসকলৰ বিৰুদ্ধে আদালতত মান হানিৰ গোচৰ তৰা হ’ব। তেওঁলোকে আদালতত ইয়াৰ উত্তৰ দিব লাগিব।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|