নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱৰ নিদান হস্পিতালত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে, আজিৰ পৰা ৫দিন পূৰ্বে নগাঁও জামুগুৰিৰ লক্ষীপ্ৰসাদ দাসৰ পত্নী নৱনীতা দাসে এটি পুত্ৰ সন্তান প্ৰসৱ কৰে। কিন্তু প্ৰসৱৰ পিছতেই অসুস্থতাৰ দোহাই দি শিশুটিক অভিভাৱকৰ পৰা আঁতৰাই ৰাখে । ২৬জানুৱাৰীত শিশুটি অধিক অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে শিশুটিক নগাঁৱৰ আন এখন চিকিৎসালয়লৈ লৈ যায় যদিও শিশুটিয়ে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটি লয়।
ইয়াৰ পিছতে আজি পৰিয়ালৰ লোকে নিদান হস্পিতাল কৰ্তৃপক্ষ আৰু চিকিৎসক ডাঃ ঋত্বিকা দাসৰ বিৰুদ্ধে অভিযোগ তুলি আজি চিকিৎসালয়খনত পৰিস্থিতি উত্তপ্ত কৰি তোলে। পৰিয়ালৰ লোকে সংবাদ মাধ্যমক জনোৱা অনুসৰি, শিশুটিক প্ৰথম অৱস্থাত নিমোনিয়া ৰোগত আক্ৰান্ত হৈছে বুলি নিদান হস্পিতালৰ ফালৰ পৰা জনোৱা হৈছিল। কিন্তু প্ৰকৃতাৰ্থত শিশুটি হাওফাওৰ ৰোগতহে আক্ৰান্ত হৈছিল। চিকিৎসালয়খনৰ ভুলৰ বাবেই তেঁওলোকে নৱজাতকটিক হেৰুৱালে বুলিও কান্দি কান্দি নিদান হস্পিতালৰ বিৰুদ্ধে অভিযোগ তোলে।
উল্লেখযোগ্য যে, চিকিৎসা সেৱাক বাদ দি কেৱল ব্যৱসায়িক স্বাৰ্থতে নগাঁৱত বিগত এটা বছৰৰ ভিতৰতে গঢ়ি উঠিছে ৪খনকৈ নাৰ্ছিং হোম। নিৰ্মাণৰত অৱস্থাত আছে দুখনকৈ নাৰ্ছিং হোম। সৰ্বমুঠ ১৪খন নাৰ্ছিং হোম থকা নগাঁও চহৰত এতিয়া চিকিৎসাসেৱাৰ তুলনাত ব্যৱসায়িক স্বাৰ্থকহে অগ্ৰাধিকাৰ দিয়াৰ ফলতেই এনে ঘটনাসমূহ সংঘটিত হোৱাৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।