লোক নিৰ্মাণ বিভাগৰ দ্বাৰা ধেমাজিত তিনি কোটি দহ লাখ টকাৰে সাজি উলিওৱা এখন হেলনীয়া দলং! পৃথিৱীৰ সপ্তম আশ্চৰ্যৰ বিখ্যাত হেলনীয়া স্তম্ভৰ কথা বহুতেই জানে, পিছে অসম মুলুকত লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰা হেলনীয়া দলংখনৰ কথা বাৰু আপুনি জানেনে?
ধেমাজিৰ এটা ৰাজ্যিক ঘাইপথত নিৰ্মাণ কৰা এখন দলঙৰ কাহিনী এয়া ৷ স্থানীয় ৰাইজ আৰু দল-সংগঠনৰ দীৰ্ঘদিনৰ দাবীত ৰাইজে দলং এখন পালে যদিও সম্প্ৰতি যোগাযোগ ব্যাহত ৷ ধেমাজিৰ পৰা বুটিকোৰ-ঘিলামৰা-ঢকুৱাখনা হৈ সত্ৰনগৰী মাজুলীলে যোৱা পথৰ ৰাজ্যিক ঘাইপথৰ বৰদলপাত ঢেকেৰা ছিগাত নিৰ্মাণ কৰা হৈছিল এখন পকী দলং ৷ কিন্তু নিৰ্মাণৰ এবছৰ সম্পূৰ্ণ নৌহওঁতেই দলংখনৰ মাজভাগ তললৈ বহি যায় ৷ সংশ্লিষ্ট বিভাগে সম্প্ৰতি দলংখনৰ দুই মূৰে বাঁহ বান্ধি গাঁত খান্দি ভেঁটা দি গধুৰ যান-বাহনৰ চলাচল বন্ধ কৰি ৰাখিছে ৷ ৰাজ্যিক গড়কাপ্তানি বিভাগৰ ধেমাজি সংমণ্ডলৰ অধীনত তিনি কোটি দহ লাখ পয়ষষ্ঠি হাজাৰ টকাৰে নিৰ্মাণ কৰা হৈছিল এই দলংখন ৷ এখন বিসংগতিপূৰ্ণ মৰণফান্দ সদৃশ দুৰ্বল দলং উপহাৰ দিয়াৰ বাবে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এতিয়া ৷