পথ মেৰামতিৰ দাবীত কাটলিছেৰা সমষ্টিৰ ৰাইজৰ উত্তাল প্ৰতিবাদ ।
পথ মেৰামতিৰ দাবীত কাটলিছেৰা সমষ্টিৰ ৰাইজৰ উত্তাল প্ৰতিবাদ ।
গড়কাপ্তানী পথ নহয়, যেন মৰণফান্দহে । দীৰ্ঘ দিনৰ বঞ্চনা আৰু অৱহেলাত মৰণফান্দত পৰিণত হৈছে হাইলাকান্দি জিলাৰ কাটলিছেৰা সমষ্টিৰ আনন্দবজাৰ - ভগৱানপুৰ গড়কাপ্তানী পথ । পথৰ মাজতে সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতৰ বাবে জ্বলাকলা খাইছে সাধাৰণ ৰাইজে । অৱশেষত আজি ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল সাধাৰণ ৰাইজ । পথটো উন্নত কৰাক লৈ নিৰৱ ভূমিকা পালন কৰা স্থানীয় বিধায়ক সুজাম উদ্দিন লস্কৰ আৰু গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।
এআইইউডিএফ দলৰ পৰা দুবাৰ প্ৰতিনিধিত্ব কৰি অহা বিধায়ক সুজাম উদ্দিনৰ কাটলিছেৰা সমষ্টিৰ আনন্দবজাৰৰ পৰা ভগৱানপুৰ সংযোগী এটা গড়কাপ্তানি পথে দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক । ইপিনে সংশ্লিষ্ট বিভাগ আছে কুম্ভকৰ্ণ নিদ্ৰাত ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|