মুখ্যপৃষ্ঠা »খবৰ »অসম »মা তুমি ক’ত! কাজিৰঙাৰ CWRCত মাকৰ পৰা বিচ্ছিন্ন কণমানি গঁড় পোৱালিৰ পৰিচৰ্যা

মা তুমি ক’ত! কাজিৰঙাৰ CWRCত মাকৰ পৰা বিচ্ছিন্ন কণমানি গঁড় পোৱালিৰ পৰিচৰ্যা

উদ্ধাৰ হোৱা এমহীয়া গঁড় পোৱালিটো যথেষ্ট দুৰ্বল হৈ আছে।

উদ্ধাৰ হোৱা এমহীয়া গঁড় পোৱালিটো যথেষ্ট দুৰ্বল হৈ আছে।

উদ্ধাৰ হোৱা এমহীয়া গঁড় পোৱালিটো যথেষ্ট দুৰ্বল হৈ আছে।

  • Share this:
কোৰোণাৰ সংক্ৰমণৰ কাৰণে দেশজোৰা লকডাউনৰ মাজতে কাজিৰঙাৰ বনকৰ্মীসকল হঠাৎ অতি ব্যস্ত হ’বলগীয়া হৈছে। এই ব্যস্ততাৰ কাৰণে মাকৰ বুকুৰ পৰা বিচ্ছিন্ন হোৱা এটি মৰমলগা দুগ্ধপোষ্য গঁড় পোৱালি। মাকৰ অবিহনে সংকটত পৰা পোৱালিটোক মাকৰ সৈতে লগ লগাই দিবলৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই অশেষ প্ৰয়াস কৰিবলগীয়া হৈছে।


উল্লেখযোগ্য যে, লকডাউনৰ বাবে যানবাহনৰ চলাচল সীমিত হৈ পৰাত কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত বিৰাজ কৰিছে নিৰ্জনতাই, যাৰবাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহু বন্যপ্ৰাণীয়ে ঘন জংঘলৰ পৰা ওলাই আহি বিচৰণ কৰিছে ৰাষ্ট্ৰীয় পথটোৰ কাষত। এনে দৰে বিচৰণ কৰি থকা বন্যপ্ৰাণীৰ মাজত বাগৰি বনাঞ্চলৰ বান্দৰডুবি এলেকাত কৰ্তব্যৰ বনকৰ্মীয়ে প্ৰত্যক্ষ কৰে এই অকলশৰীয়া গঁড় পোৱালিটো ৷ বনকৰ্মীয়ে বিচাৰখোচাৰ কৰি মাক জনীক অস্তিত্ব  নোপোৱাত উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰে ৷ পাছত পোৱালিটোক বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ লৈ যোৱা হয় ৷ মাকৰ পৰা বিচ্ছিন্ন হৈ যথেষ্ট চাপত থকা পোৱালিটো সম্প্ৰতি চিকিৎসকে চোৱাচিতা কৰি আছে ৷আনহাতে মাকজনীৰ সন্ধান চলাই আছে বনকৰ্মীয়ে ৷ চিকিৎসকৰ মতে সোনকালে মাকজনীৰ সন্ধান ওলালে পোৱালিটো মাকৰ ওচৰত এৰি দিয়া হ’ব ৷অন্যথা পোৱালিটোক বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰতে চোৱাচিতাৰ ব্যৱস্থা কৰা হ’ব জানিবলৈ দিয়ে পশু চিকিৎসক প্ৰাণজিত বসুমতাৰীয়ে৷

বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰত পোৱালিটো এতিয়া মৰমত আতোল–তোলকৈ পৰিচৰ্যা কৰা হৈছে। উল্লেখযোগ্য যে CWRC হৈছে দেশৰ ভিতৰতে একমাত্ৰ এনে সংস্থা য’ত মাউৰা বা আঘাতপ্ৰাপ্ত বন্যপ্ৰাণীক অতি মৰমেৰে ডাঙৰ দীঘল কৰি পুনৰ বনত এৰি দিয়া হয়।

প্ৰতিবছৰে বানপানীৰ সময়ত  এই কেন্দ্ৰত আলাই আথানি হোৱা গঁড় পোৱালি, হাতী আদি পৰিচৰ্যা কৰা হয়।

উদ্ধাৰ হোৱাটো গঁড় পোৱালিটো প্ৰায় ৭০ কিলোগ্ৰাম ওজনৰ আৰু যথেষ্ট দুৰ্বল হৈ পৰাৰ কাৰণে ভালকৈ পৰিচৰ্যাৰ প্ৰয়োজন হৈছে। উল্লেখযোগ্য যে পোৱালি গঁড়বোৰ সাধাৰণতে মাতৃৰ অতি ঘনিষ্ঠ হয় আৰু তিনিবছৰ বয়সমানলৈ মাকৰ সৈতেই ঘুৰি ফুৰা দেখা যায় সিঁহতক।

pic: News18


উদ্যান কৰ্তৃপক্ষই সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰা মতে অঞ্চলটোত মাতৃৰ অৱস্থান নিৰ্ধাৰণ নকৰাকৈ গঁড় পোৱালিটো এৰি দিব পৰা নাযায় যিহেতু অন্য প্ৰাপ্তবয়স্ক গঁড়ে পোৱালিটোক আক্ৰমণ কৰিব পাৰে।

শেহতীয়া বাতৰি