২১ জুনত অষ্টম বিশ্ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। মঙলবাৰৰ বিশ্ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে গুৱাহাটীত গুৰু–শিষ্যৰ এক ব্যতিক্ৰমী পদক্ষেপ। ৩০ ঘণ্টা পানীত উপঙি থাকি পানীৰ ওপৰত যোগাসন কৰি অভিলেখ গঢ়াৰ চেষ্টা বাবুল গুৰুং আৰু কুলদ্বীপ শইকীয়াৰ। তেনে এক লক্ষ্য লৈ সাঁতোৰ প্ৰশিক্ষক বাবুল গুৰুং আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ কুলদ্বীপ শইকীয়াই সোমবাৰে পুৱা দহ বজাৰ পৰা গুৱাহাটীৰ সৰুসজাইৰ ছুইমিং পুলত আৰম্ভ কৰে যোগাসন।
দুয়োগৰাকী গুৰু শিষ্যই সোমবাৰৰ পুৱা দহ বজাৰ পৰা মঙলবাৰৰ বিয়লি ৪ বজালৈ পানীত উপঙি থাকি তাতে যোগাসন কৰি চাৰিটাকৈ অভিলেখ গঢ়িব। আছাম বুক অৱ ৰেকৰ্ডৰ পৰ্যবেক্ষকে পৰ্য্যবেক্ষণ কৰিব দুয়োৰে পানীৰ ওপৰৰ যোগাসন।
আনহাতে বাবুল গুৰুং আৰু কুলদ্বীপ শইকীয়াই এছিয়া বুক অৱ ৰেকৰ্ড, লিমকা বুক অফ ৰেকৰ্ড আৰু ইউনিভাৰ্ছেল বুক অৱ ৰেকৰ্ডৰ বাবে আবেদন কৰিব। গুৰু–শিষ্যৰ এই প্ৰচেষ্টাক সকলোৱে প্ৰশংসা কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|