মাজুলীত কণ্ঠশিল্পী বাবুৰ প্ৰৱেশ নিষিদ্ধ, কি অপৰাধ বাবুৰ?

News18-Assam
Updated:November 19, 2019, 12:49 PM IST
মাজুলীত কণ্ঠশিল্পী বাবুৰ প্ৰৱেশ নিষিদ্ধ, কি অপৰাধ বাবুৰ?
বাবুৰ নতুনকৈ মুক্তিলাভ কৰা এটা গীতত মাজুলীৰ কৃষ্টি–সংস্কৃতিক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগ।

বাবুৰ নতুনকৈ মুক্তিলাভ কৰা এটা গীতত মাজুলীৰ কৃষ্টি–সংস্কৃতিক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগ।

  • News18 Assam
  • Last Updated: November 19, 2019, 12:49 PM IST
  • Share this:
মাজুলীত কণ্ঠশিল্পী বাবুৰ প্ৰৱেশ নিষিদ্ধ কৰিছে মাজুলীবাসীয়ে। বাবুৰ নতুনকৈ মুক্তিলাভ কৰা এটা গীতত মাজুলীৰ কৃষ্টি–সংস্কৃতিক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগ। এই গীতটোক লৈ সমগ্ৰ মাজুলীত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

মাজুলী সন্দৰ্ভত কণ্ঠশিল্পীগৰাকীৰ সম্যক জ্ঞান নথকাৰ অভিযোগ মাজুলীবাসীৰ। বাবুৰ বিৰুদ্ধে কেইবাটাও দল–সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে দাখিল কৰিছে এজাহাৰ।

আনহাতে, সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে শীঘ্ৰে বাবুক মাজুলীবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী তুলিছে। অন্যথা কণ্ঠশিল্পীগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা হাতত ল’ব বুলিও জনায় সত্ৰাধিকাৰগৰাকীয়ে।

শুনক বাবুৰ সেই গীতটো :
আৰু চাওক
পৰৱৰ্তী বাতৰি