‘ধেৎ বাবু দা কি যে কৰিছে আৰু!’ কণ্ঠশিল্পী বাবুৰ ‘B.Com পাছ’ক নম্বৰ নিদিলে ৰাইজে

News18 Assam | News18-Assam
Updated:February 20, 2020, 7:46 PM IST
‘ধেৎ বাবু দা কি যে কৰিছে আৰু!’ কণ্ঠশিল্পী বাবুৰ ‘B.Com পাছ’ক নম্বৰ নিদিলে ৰাইজে
Source-AC multimedia Youtube Channel

কণ্ঠশিল্পী বাবুৰ ‘B.Com পাছ’ক নম্বৰ নিদিলে ৰাইজে

  • Share this:
অসমৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱা। বাবুৰ গীত মানেই ছুপাৰহিট। কি ‘পেডেল মাৰি মাৰি’, কি ‘লাডেন আছিল পলাই’। গীতৰ কথা যিয়েই নহওক, চলি যায় বাবুৰ গান। কেইদিন পূৰ্বে ‘মাজুলী গাভৰু’ গীত নিৰ্মাণ কৰি সৰ্বত্ৰ সমালোচনাৰ সন্মুখীন হৈছিল বাবু। আনকি পিছত নিজে কৰা ভুলৰ বাবে ৰাজহুৱাকৈ ক্ষমাও খুজিবলগীয়া হৈছিল কণ্ঠশিল্পীজনে।



এইবাৰ বাবুৱে ‘‍B.Com পাছ’ কৰিলে! নিৰ্মাণ কৰিছে ‘B.Com পাছ’ শীৰ্ষৰ গীত। কিন্তু প্ৰতিবাৰ দৰে এইবাৰো গীত শুনিয়েই বহুতে ক’লে– ‘ধেৎ বাবু দা কি যে কৰিছে! আমাক কোৱাণ্টিটী নালাগে, কোৱালিটীত গুৰুত্ব দিয়ক।’



বাবুৰ নতুন গীত ‘‍B.Com পাছ’ক ছচিয়েল মিডিয়াত একেবাৰে নিম্ন মানদণ্ডৰ হৈছে বুলি মন্তব্য কৰিলে বহুজনে। আনকি এনে ধৰণৰ গীত ভৱিষ্যতে নিৰ্মাণ নকৰিবলৈও ক’লে বাবুক।’



কি গীতটোৰ ভিডিঅ’, কি অডিঅ’, সন্তুষ্ট কৰিব নোৱাৰিলে ৰাইজক। আনকি বহুকে বাবু বৰুৱাৰ এনে গীত নিৰ্মাণৰ সস্তীয়াও আখ্যা দিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি