• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam HS Results 2022 : ড° বি আৰ আম্বেদকাৰ জুনিয়ৰ কলেজত একেৰাহে চতুৰ্থবাৰৰ বাবে উত্তীৰ্ণৰ হাৰ এশ শতাংশ

Assam HS Results 2022 : ড° বি আৰ আম্বেদকাৰ জুনিয়ৰ কলেজত একেৰাহে চতুৰ্থবাৰৰ বাবে উত্তীৰ্ণৰ হাৰ এশ শতাংশ

জুনিয়ৰ কলেজখনৰ পৰা এই পৰীক্ষাত ৫৭গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।

জুনিয়ৰ কলেজখনৰ পৰা এই পৰীক্ষাত ৫৭গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।

জুনিয়ৰ কলেজখনৰ পৰা এই পৰীক্ষাত ৫৭গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।

  • Share this:
অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিৱসাগৰ জিলাৰ বেতবাৰী মৌজা আৰু কোঁৱৰপুৰ মৌজাস্থিত বিদ্যালয়সমূহৰ ফলাফল অতি সন্তোষজনক। কোঁৱৰপুৰ মৌজাৰ অন্তৰ্গত ঐতিহাসিক দিচাংমুখ অঞ্চলৰ ড° বি আৰ আম্বেদকাৰ জুনিয়ৰ কলেজত  উত্তীৰ্ণৰ হাৰ এশ শতাংশ।

জুনিয়ৰ কলেজখনৰ পৰা এই পৰীক্ষাত ৫৭গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত ১০ গৰাকীয়ে প্ৰথম বিভাগ, ৩২ জনে দ্বিতীয় বিভাগ আৰু ১৪ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। প্ৰথম বিভাগ লাভ কৰাসকলৰ এগৰাকী ছাত্ৰই ষ্টাৰ নম্বৰ লাভ কৰে।

লক্ষণীয় যে সমাজকৰ্মী পোনাৰাম মিলিৰ নেতৃত্বত ২০১০ চনত স্থাপিত ড° বি. আৰ আম্বেদকাৰ জুনিয়ৰ কলেজত একেৰাহে চতুৰ্থবাৰৰ বাবে উত্তীৰ্ণৰ হাৰ এশ শতাংশ। বৃহত্তৰ অঞ্চলটোত একাদশ আৰু দ্বাদশ শ্ৰেণী পঢ়িব পৰা একমাত্ৰ এইখনেই শিক্ষানুষ্ঠান আছে।

আজি ফলাফল ঘোষণাৰ পিছতে শিক্ষানুষ্ঠানখনত আনন্দৰ জোৱাৰ উঠে।  জুনিয়ৰ কলেজ খনত ফলাফল ভাল হোৱাত ছাত্ৰ-ছাত্ৰী সকলৰ লগতে শিক্ষাগুৰুসকলকো শুভেচ্ছা তথা কৃতজ্ঞতা জ্ঞাপন কৰিছে প্ৰতিষ্ঠাতা পোনাৰাম মিলিয়ে।

আনহাতে  বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু  বাঁহগড় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত পৰীক্ষাৰ্থীৰ উত্তীৰ্ণ হাৰ এশ শতাংশ। বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মুঠ ৫৩গৰাকী ছাত্ৰ-ছাত্ৰী এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত ১১ গৰাকী প্ৰথম বিভাগত, ৩৪ গৰাকী দ্বিতীয় আৰু ৮ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়।

ইয়াৰ ভিতৰত এগৰাকী ছাত্ৰই ষ্টাৰ নম্বৰ আৰু ১৫ গৰাকীয়ে লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ হৈছে। ইপিনে পূব বেতবাৰীস্থিত বাঁহগড় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ২৬ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। ইয়াৰ ভিতৰত ৫ গৰাকী প্ৰথম বিভাগত আৰু ২১ গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৫ গৰাকীৰ ভিতৰত চাৰিগৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰে।
Published by:Gautam Barman
First published: