টেট পৰীক্ষাত বহিবলৈ বাধ্যতামূলক নহয় বি এড ডিগ্ৰী!

News18-Assam
Updated:June 27, 2019, 8:34 AM IST
টেট পৰীক্ষাত বহিবলৈ বাধ্যতামূলক নহয় বি এড ডিগ্ৰী!
শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ গুৰুত্বপূৰ্ণ মন্তব্য

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ গুৰুত্বপূৰ্ণ মন্তব্য

  • Share this:
টেট পৰীক্ষাকলৈ এতিয়া চলিছে চৌদিশে জল্পনা কল্পনা। শিক্ষাবিভাগে জনোৱা খবৰ অনুসৰি চলিত বছৰৰ অক্টোবৰ, নবেম্বৰ মাহত অনুষ্ঠিত হ’ব টেট পৰীক্ষা। কিন্তু  টেট পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বি এড, ডি এল এড ডিগ্ৰী থকাতো বাধ্যতামূলক নেকি? এই লৈ ছাত্ৰ–ছাত্ৰী সকলৰ মাজত প্ৰশ্নৰ উত্থাপন হৈছিল। কিন্তু অৱশেষত এই বিষয়ত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

টেট পৰীক্ষাত বহিবলৈ বাধ্যতামূলক নহয় বি এড অথবা ‘ডি এল এড ডিগ্ৰী। এই কথা জনালে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।টেট পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ নূন্যতম শিক্ষাগত অৰ্হতা কিমান হ’ব সেই সম্পৰ্কত শিক্ষা বিভাগে শীঘ্ৰে জাৰি কৰিব জাননী।সেইদৰে বিদ্যালয়ত শিক্ষক হিচাপে নিযুক্তি পাবলৈহে  বি এড অথবা ‘ডি এল এড ডিগ্ৰী প্ৰয়োজন বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে।সেইদৰে বিদ্যালয়ত নিযুক্তিৰ বাবে যি ৩টা অৰ্হতাৰ প্ৰয়োজন, সেই হিচাপত নিযুক্তি দিয়া হ’ব শিক্ষক। লগতে HS বা অন্য পৰীক্ষাত ৫০% নম্বৰ পাব লাগিব’
First published: June 27, 2019, 8:19 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading