• Home
  • »
  • News
  • »
  • assam
  • »
  • স্বাধীনতাৰ অমৃত মহোৎসৱ : কাইলৈ অসম বিধানসভাৰ এদিনীয়া অধিৱেশন, সাজু বিধানসভা প্ৰকল্প

স্বাধীনতাৰ অমৃত মহোৎসৱ : কাইলৈ অসম বিধানসভাৰ এদিনীয়া অধিৱেশন, সাজু বিধানসভা প্ৰকল্প

এদিনীয়া অধিবেশনৰ বাবে সাজু হৈছে অসম বিধানসভা প্ৰকল্প। বিয়লি ৩ বজাত আৰম্ভ হ’বলগীয়া অধিৱেশনখন প্ৰায় চাৰি ঘন্টা ধৰি চলিব।

এদিনীয়া অধিবেশনৰ বাবে সাজু হৈছে অসম বিধানসভা প্ৰকল্প। বিয়লি ৩ বজাত আৰম্ভ হ’বলগীয়া অধিৱেশনখন প্ৰায় চাৰি ঘন্টা ধৰি চলিব।

এদিনীয়া অধিবেশনৰ বাবে সাজু হৈছে অসম বিধানসভা প্ৰকল্প। বিয়লি ৩ বজাত আৰম্ভ হ’বলগীয়া অধিৱেশনখন প্ৰায় চাৰি ঘন্টা ধৰি চলিব।

  • Share this:
বুধবাৰে অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব। স্বাধীনতাৰ অমৃত মহোৎসৱৰ বাবেই অনুষ্ঠিত হ’ব এদিনীয়া অধিৱেশন। বুধবাৰে বিয়লি ৩ বজাত আৰম্ভ হ’বলগীয়া অধিৱেশন সন্ধিয়া ৭ বজাত সামৰণি পৰিব। অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনখন বুধবাৰে অনুষ্ঠিত হ’ব বিধানসভাৰ পুৰণি সদনতে। দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ বাবেই অসম বিধান সভাৰ এই বিশেষ অধিৱেশন।

এদিনীয়া অধিবেশনৰ বাবে সাজু হৈছে অসম বিধানসভা প্ৰকল্প। বিয়লি ৩ বজাত আৰম্ভ হ’বলগীয়া অধিৱেশনখন প্ৰায় চাৰি ঘন্টা ধৰি চলিব। এক আছুতীয়া সাক্ষাৎকাৰত News18ক এই কথা জনালে বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।

অসম বিধান সভাৰ অধ্যক্ষগৰাকীৰ মতে, অধিৱেশনত দেশৰ স্বাধীনতাৰ বিষয়ে আলোচনা হ’ব। বিধায়কসকলে দেশৰ ইতিহাস সম্পৰ্কে বক্তব্য ৰাখিব। বৰ্তমানৰ ভাৰত আৰু আগৰ ভাৰতৰ ওপৰতো আলোচনা হ’ব বুলিও কয় বিশ্বজিৎ দৈমাৰীয়ে। আগষ্ট মাহৰ এদিনীয়া বিশেষ অধিবেশনখনলৈ আশাবাদী বিপিএফৰ বিধায়িনী দলৰ নেতা দূৰ্গাদাস বড়ো। কলাইগাঁও সমষ্টিৰ বিধায়ক দূৰ্গাদাস বড়োৱে স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ বাবে অনুষ্ঠিত হ’বলগীয়া অধিৱেশনতে ৰাজ্যখনে ভাল খবৰ পাব বুলি আশা কৰিছে। বুধবাৰৰ এদিনীয়া অধিৱেশনখন বিয়লি ৩ বজাত আৰম্ভ হ’ব, য’ত মাজতে সময় উলিয়াই মুখ্যমন্ত্ৰীয়ে সৰুসজাইলৈ গৈ ৪ বাজি ৩০ মিনিটত উদ্ধোধন কৰিব সন্মানী ডুৰাণ্ড কাপৰ খেল।
Published by:Sanjay Kumar Das
First published: