আৰোগ্য মিত্ৰৰ প্ৰতিবাদত অসমত অচল হ'ল প্ৰধানমন্ত্ৰীৰ আয়ুস্মান ভাৰত অভিযান!

News18 Assam | News18-Assam
Updated:January 5, 2020, 12:52 PM IST
আৰোগ্য মিত্ৰৰ প্ৰতিবাদত অসমত অচল হ'ল প্ৰধানমন্ত্ৰীৰ আয়ুস্মান ভাৰত অভিযান!
বছৰৰ প্ৰথম সপ্তাহতে চাকৰি হেৰুৱালে ডেৰ সহস্ৰাধিক আৰোগ্য মিত্ৰই, অটল অমৃত অভিযান, অসমৰ হঠকাৰী সিদ্ধান্ত

বছৰৰ প্ৰথম সপ্তাহতে চাকৰি হেৰুৱালে ডেৰ সহস্ৰাধিক আৰোগ্য মিত্ৰই, অটল অমৃত অভিযান, অসমৰ হঠকাৰী সিদ্ধান্ত

  • Share this:
আজিৰে পৰা অসমত সাময়িকভাৱে বন্ধ হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিলাষী আঁচনি আয়ুস্মান ভাৰত। দেশৰ দুখীয়া পৰিয়ালক বিনামূলীয়া স্বাস্থ্য বীমাৰ সুবিধা প্ৰদানৰ বাবে আৰম্ভ কৰা আয়ুস্মান ভাৰত স্বাস্থ্য বীমা মিছনত কৰ্মৰত ডেৰ সহস্ৰাধিক আৰোগ্য মিত্ৰক কোনো কাৰণ নোহোৱাকৈ চাকৰিৰ পৰা অব্যাহতি দিয়াৰ ফলতে বন্ধ হৈ পৰিছে এই আঁচনি।

উল্লেখযোগ্য যে MD India নামৰ এটা বীমা কোম্পানীয়ে আৰোগ্য মিত্ৰ হিচাপে অসমৰ অসমৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ডেৰ সহস্ৰাধিক আৰোগ্য মিত্ৰক নিয়োগ কৰিছিল। ২০১৮ বৰ্ষৰ অক্টোবৰ মাহত সংস্থাপন পোৱা এইসকল আৰোগ্য মিত্ৰক প্ৰথম পৰ্যায়ত ৮ বছৰৰ বাবে চাকৰিত সংস্থাপন দিয়াৰ কথা কৰ্তৃপক্ষই কৈছিল যদিও মাত্ৰ এবছৰৰ পিছতে ২০১৯ চনৰ ডিচেম্বৰত চাকৰিৰ পৰা কোনো জাননী নিদিয়াকৈ অব্যাহতি দিয়াৰ লগে লগে বহু অসমীয়া যুৱক-যুৱতী সংস্থাপনহীন হৈ পৰে।

অটল অমৃত অভিযান, অসমৰ মুখ্য কাৰ্যবাহী বিষয়া মনালিছা গোস্বামীৰ এখন পত্ৰৰ পিছতে এইসকল কৰ্মচাৰীয়ে চাকৰি হেৰুৱাব লগাত পৰে বুলিও আৰোগ্য মিত্ৰ সকলে মন্তব্য কৰে। বিষয়াগৰাকীয়ে ২৭ ডিচেম্বৰত ব্যক্তিগত চিকিৎসালয়সমূহৰ কৰ্তৃপক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰে য'ত জানুৱাৰী মাহৰ পৰা আৰোগ্য মিত্ৰৰ দৰমহা চিকিৎসালয়সমূহে নিজা পুঁজিৰ পৰা প্ৰদান কৰাৰ কথা উল্লেখ আছে আৰু অটল অমৃত অভিযানৰ তৰফৰ পৰা আৰোগ্য মিত্ৰসকলক দৰমহা দিয়াত অপাৰগতা প্ৰকাশ কৰে।

ইয়াৰ পিছতে ব্যক্তিগত চিকিৎসালয়সমূহত কৰ্মৰত আৰোগ্য মিত্ৰসকলে চাকৰি হেৰুৱাব লগাত  পৰে। ফলশ্ৰুতিত প্ৰধানমন্ত্ৰীৰ আয়ুস্মান ভাৰত যোঁজনা অসমত চলি থকাৰ ক্ষেত্ৰত তীব্ৰ অনিশ্চয়তাই দেখা দিছে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি