নিউজ18ৰ বাতৰিৰ প্ৰভাৱ- আৰ্থিক সংকটত পৰা পাচলিৰ দোকান দিয়া ৰাষ্ট্ৰীয় ফুটবলাৰে লাভ কৰিলে কৰ্ম-সংস্থাপন

News18 Assam | News18-Assam
Updated:August 1, 2020, 8:05 AM IST
নিউজ18ৰ বাতৰিৰ প্ৰভাৱ- আৰ্থিক সংকটত পৰা পাচলিৰ দোকান দিয়া ৰাষ্ট্ৰীয় ফুটবলাৰে লাভ কৰিলে কৰ্ম-সংস্থাপন
নিউজ18ৰ বাতৰিৰ প্ৰভাৱ।

নিউজ18ৰ বাতৰিৰ প্ৰভাৱ।

  • Share this:
নিউজ18ৰ বাতৰিৰ প্ৰভাৱ। উপেক্ষিত ৰাষ্ট্ৰীয় দুৰ্দান্ত ফুটবলাৰ ৰাহাজুদ্দিন আহমেদৰ জীয়াই থকাৰ সংগ্ৰাম নিউজ18ত সম্প্ৰচাৰ হোৱাৰ পিছতে সফল খেলুৱৈগৰাকীৰ কাষত এতিয়া থিয় হৈছে গুৱাহাটীৰ আয়ুচন্দ্ৰা ছুপাৰস্পেচিয়েলেটি হাস্পতাল কৰ্তৃপক্ষ।

ৰাষ্ট্ৰীয় এথলেটিকছ আৰু ফুটবলত বিশেষকৈ সৰ্বভাৰতীয় সন্তোষ ট্ৰফীত অংশ লৈ অসমলৈ গৌৰৱ কঢ়িয়াই অনা ৰাহাজুদ্দিন উপেক্ষিত হৈ থকা বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে  গুৱাহাটীৰ আয়ুচন্দ্ৰা ছুপাৰস্পেচিয়েলেটি হাস্পতালে খেলুৱৈ গৰাকীলৈ আগবঢ়াই এটি চাকৰি।

নিউজ18ত বাতৰি সম্প্ৰচাৰৰ ১২ ঘণ্টাৰ ভিতৰতে ৰাহাজুদ্দিনৰ হাতত নিযুক্তি পত্ৰ অৰ্পণ কৰে হাস্পতাল কৰ্তৃপক্ষৰ হৈ বিষয়া মনোজ ডেকা আৰু সত্যব্ৰত বৰুৱাই। ইয়াৰোপৰি দুৰ্দশাগ্ৰস্ত খেলুৱৈ গৰাকীৰ ওচৰলৈ আগবাঢ়ি আহিছে বহু শুভাকাংক্ষী, ক্ৰীড়াপ্ৰেমী, খেলুৱৈ।

নিউজ18ৰ বিশেষ অনুষ্ঠানত উপস্থিত থাকি ৰাহাজুদ্দিনক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছিল ছাত্ৰ আৰু ক্ৰীড়া যুৱ কল্যাণৰ উপদেষ্টা পৰিষদৰ সদস্য সচিৱ লক্ষ্য কোঁৱৰে।
Published by: Himangshu Bhuyan
First published: August 1, 2020, 8:05 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading