বুধবাৰৰ পৰা লখিমপুৰ জিলাত আৰম্ভ হৈছে কৃষি বিভাগৰ অন্যতম কল্যাণকামী আঁচনি প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী যোজনা (PM Krishi Sinchayee Yojana)ৰ কৰ্মশালা ও সজাগতা সভা। জিলাখনৰ প্ৰায় প্ৰতিটো কৃষি চক্ৰ সামৰি চলিবলগীয়া এই সজাগতা সভা বুধবাৰে ঢকুৱাখনা কৃষি চক্ৰত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। সেইদৰে বৃহস্পতিবাৰ আৰু শুকুৰবাৰে ক্ৰমে ঘিলামৰা আৰু বগীনদীত কৃষক ৰাইজৰ মাজত আঁচনিখনৰ সন্দৰ্ভত সজাগতা চলোৱা হয়।
অনুষ্ঠিত হৈ থকা সজাগতা সভাসমূহত মহকুমা কৃষি বিষয়া (উদ্যান শস্য) দেৱজিৎ দত্তই প্ৰধানতঃ সমল ব্যক্তি হিচাপে উপস্থিত থাকি কৃষক ৰাইজৰ মাজত আঁচনিখনৰ বিষয়ে সবিশেষ দাঙি ধৰিছে। সংশ্লিষ্ট কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়াসকল, কৃষি সম্প্ৰসাৰণ সহায়কসকল, মিডিয়া বিশেষজ্ঞ, উদ্যানশস্যৰ টেকনিকেল একজিকিউটিভৰ লগতে আঁচনিৰ লগত জড়িত কোম্পানীৰ বিষয়-ববীয়াও উপস্থিত আছে সজাগতা সভাসমূহত।
এই আঁচনিৰ জৰিয়তে নিশ্চিতভাৱে কৃষক ৰাইজে ৰবি শস্যৰ বতৰত তেওঁলোকে সন্মুখীন হোৱা খৰাং সদৃশ পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হোৱাৰ লগতে নষ্ট নোহোৱাকৈ নিজৰ উৎপাদিত ফচল লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে জিলা কৃষি বিষয়া গণেশ লাহনে। আঁচনিখনৰ বিষয়ে অধিক জানিবলৈ যোগ্য কৃষকক নিজ নিজ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া অথবা জিলা কৃষি বিভাগৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায় জিলা কৃষি বিভাগে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|