
ধুবুৰী জিলা কৃষি বিভাগ আৰু কৃষি প্ৰযুক্তি অভিকৰণ (আত্মা)ৰ উদ্যোগত ‘প্ৰাকৃতিক কৃষি’ ৰ ওপৰত এখন সজাগতা সভাৰ আয়োজন কৰা হয়।
ধুবুৰী জিলা কৃষি বিভাগ আৰু কৃষি প্ৰযুক্তি অভিকৰণ (আত্মা)ৰ উদ্যোগত ‘প্ৰাকৃতিক কৃষি’ ৰ ওপৰত এখন সজাগতা সভাৰ আয়োজন কৰা হয়।
- ধুবুৰী জিলা কৃষি বিভাগ আৰু কৃষি প্ৰযুক্তি অভিকৰণ (আত্মা)ৰ উদ্যোগত ‘প্ৰাকৃতিক কৃষি’ ৰ ওপৰত এখন সজাগতা সভাৰ আয়োজন কৰা হয়।
- ৫ আৰু ৬ জুলাইত দুদিনীয়াকৈ আয়োজিত সভা খনত জিলাখনৰ প্ৰায় ৮০ গৰাকীৰো অধিক গাঁও প্ৰধান, গাঁও পঞ্চায়তৰ সভাপতিকে ধৰি প্ৰগতিশীল কৃষকে অংশ লয়।
- এই সভাখনত, মাটিৰ উৰ্বৰতা শক্তি ব্যাহত নোহোৱাকৈ ঘৰুৱা পদ্ধতিৰে প্ৰস্তুত কৰা সাৰ কৃষি কাৰ্যত ব্যৱহাৰ সন্দৰ্ভত বিশদভাৱে অৱগত কৰা হয়।
- ‘প্ৰাকৃতিক কৃষি’ ৰ উপকাৰিতা আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়েও সজাগতা সভা খনত আলোচনা কৰা হয়।
- জিলা কৃষি বিষয়া মৃগেন স্বৰ্গীয়াৰী দেৱে আতঁধৰা সজাগতা সভা খনত দুয়োটাদিনতে কেইবাগৰাকীও সমল ব্যক্তি উপস্থিত হৈ ‘প্ৰাকৃতিক কৃষি’ ওপৰত সজাগতাৰ সৃষ্টি কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|