ছচিয়েল মিডিয়া ব্যৱহাৰ কৰোতে সাৱধান! নগ্ন ভিডিঅ’ দেখুৱাই সৰ্বস্বান্ত কৰিব আপোনাক!

News18 Assam | News18-Assam
Updated:October 28, 2020, 4:43 PM IST
ছচিয়েল মিডিয়া ব্যৱহাৰ কৰোতে সাৱধান! নগ্ন ভিডিঅ’ দেখুৱাই সৰ্বস্বান্ত কৰিব আপোনাক!
দাবী কৰা ধন নিদিলেই উক্ত ভিডিঅ’ ফেচবুক-ইউটিউব আদিত ভাইৰেল কৰি দিয়া বা ফেচবুকত থকা আপােনাৰ পৰিয়ালৰ লোকলৈ পঠিয়াই দিয়াৰ ভাবুকি দিয়ে।

দাবী কৰা ধন নিদিলেই উক্ত ভিডিঅ’ ফেচবুক-ইউটিউব আদিত ভাইৰেল কৰি দিয়া বা ফেচবুকত থকা আপােনাৰ পৰিয়ালৰ লোকলৈ পঠিয়াই দিয়াৰ ভাবুকি দিয়ে।

  • Share this:
আপুনি নিশ্চয় ফেচবুক, হোৱাটছএপ ব্যৱহাৰ কৰে। যদি কৰে তেন্তে সাৱধান। উত্তৰ ভাৰতৰ পিছত এইবাৰ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ লােকসকলক লক্ষ্য কৰি ব্লেকমেইলিং তথা অনলাইন হানি ট্রেপিং চক্রই ফেচবুক হােৱাটছএপযােগে তৰিছে ভয়ংজাল।

দেশৰ প্রধান প্রধান চহৰসমূহত এই চক্রটোৱে হাজাৰ হাজাৰ লােকক জালত পেলাই লুটি নিছে লক্ষ লক্ষ টকা। শেহতীয়াকৈ এই চক্রটোৱে নগ্ন ভিডিঅ' কল কৰি অসম তথা উত্তৰ-পূবৰ বহু যুৱক–যুৱতীক চিকাৰ কৰিছে। বহু থানাতাে এই সন্দৰ্ভত কলেজীয়া ছাত্র-ছাত্রীৰ পৰা অধ্যাপকলৈকে বিভিন্নজনে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।

ব্লেকমেইলিং চক্রটোত জড়িতসকলে প্রথমে ফেচবুকত মেছেজ কৰি বন্ধুত্ব গঢ়ি লয়। ভুৱা ছবি ব্যৱহাৰ কৰি ফেচবুক ফ্রেণ্ড লিষ্টত যােগ হােৱাৰ পিছত কিছুদিনলৈ সঁচা বন্ধুত্বৰ দৰে থাকে। প্রথমে কোনাে অসুবিধা নিদিয়ে। সেই সময়ত নিৰীক্ষণ কৰি লয় জালত পেলাব বিচৰা লােকসকলৰ পৰিচয়। সংগ্রহ কৰে ফেচবুকত দি থােবা ছবি। পিছত স্বাভাৱিক কথা-বতৰাৰ মাজেৰেই বিচাৰে হােৱাটছএপ নম্বৰ।

হােৱাটছএপৰ নম্বৰ লােৱাৰ পিছতেই ভয়ংকৰ হৈ পৰে ব্লেকমেইলিং চক্রটো। হােৱাটছএপযােগে ভিডিঅ' কল কৰে আৰু আপুনি ৰিচিভ কৰিলেই চক্রটোৰ জালত পৰিব। ভিডিঅ’ কলত কেবল মুখ নেদেখুৱাই, সম্পূর্ণ উলংগ চেহেৰা, অশ্লীল কাৰুকার্য কৰি দেখুৱায়। এক মুহুৰ্তৰ বাবে হ’লেও এনে ভিডিঅ’ কল ৰিচিভ কৰাৰ লগে লগে বিশেষ কৌশলেৰে স্কেনিং কৰি লয় চক্রটোৱে। ইয়াৰ পিছতে আৰস্তু হয় ব্লেকমেইলিং।

আপুনি সংযত অৱস্থাত থাকিলেও ভিডিঅ’ কলিং কৰাগৰাকী যিহেতু উলংগ ৰূপত থাকে সেইখিনিকে সংযােগ কৰি অনলাইন ছেক্স কৰা বুলি উপস্থাপন কবিৰ বিচাৰে ব্লেকমেইলিং চক্রটোৱে। লগে লগে দাবী কৰে ধন। দাবী কৰা ধন নিদিলেই উক্ত ভিডিঅ’ ফেচবুক-ইউটিউব আদিত ভাইৰেল কৰি দিয়া বা ফেচবুকত থকা আপােনাৰ পৰিয়ালৰ লোকলৈ পঠিয়াই দিয়াৰ ভাবুকি দিয়ে।

এইদৰেই বহু লােক হতাশ হৈ কিছুমানে ধন দিয়ে আৰু কিছুমানে আত্মহত্যাৰ দৰে পথো বাচি লয়। ইপিনে ধন এবাৰ দিলে আকৌ অধিক হাৰত বিচাৰে। এয়া বহু ভুক্তভােগী লােকে জনাইছে।

ইতিমধ্যে ইউটিউবতাে কোনাে কোনো অধিবক্তা তথা আৰক্ষী–প্রশাসনৰ লােকে এই সন্দৰ্ভত সজাগতাৰ বাবে ভিডিঅ’ আপলােড কৰিছে। শেহতীয়াকৈ শিলচৰত এগৰাকী প্রবক্তা এনেদৰে ব্লেকমেইলিং চক্রৰ চিকাৰ হােৱাত আবক্ষীৰ কাষ চাপিছিল। অসমৰ বহু যুৱক এনেদৰে ভিডিঅ' কলিং কৰি জালত পৰা তথ্যও পোহৰলৈ আহিছে। অচিনাকি নম্বৰৰ পৰা ভিডিঅ’ কল আহিলে ৰিচিভ নকৰাটোৱেই মংগলজনক।

ব্লেকমেইলিং চক্রটোৰ জালত পৰিলে কিদৰে ৰক্ষা পাব আপুনি?

এই বিষয়টোৰ সন্দৰ্ভত দেশৰ কেইবাগৰাকী আগশাৰীৰ অধিবক্তাই পৰামর্শ আগবঢ়ােৱা পৰিলক্ষিত হৈছে। প্রথম কথা অচিনাকি লােকৰ ভিডিঅ’ কল গ্রহণ নকৰিব। যদিহে ভুলবশতঃ এই চক্রৰ চিকাৰ হয় তেন্তে অনলাইনযােগে ধন দাবী কৰিলে ভুলতো ধন নিদিয়াটোৱেই মংগলজনক বুলি উল্লেখ কৰিছে। কাৰণ এবাৰ ধন দিলে বিচাৰিয়েই থাকে।

ইয়াৰ উপৰি ভিডিঅ' ছচিয়েল মিডিয়াত আপলােড কৰাৰ ভাবুকি দিলে তেওঁলােকৰ ভাবুকিত ভয় নকৰি ওলােটাই গালি দিয়াৰ লগতে ওচৰৰ আৰক্ষী থানাত অবগত কৰাৰ পৰামৰ্শ আগবঢ়াইছে একাংশ অধিবক্তাই। অধ্যয়নত জানিব পৰা মতে, এই চক্রটোৱে ছচিয়েল মিডিয়াত ভিডিঅ’ আপলােড কৰাৰ ভাবুকিহে দিয়ে কিন্তু প্রকৃততে আপলােড নকৰে। কাৰণ আপলােড কৰিলে ফেচবুক-হােবাটছএপ ব্যৱহাৰকাৰীসকল সাৱধান হব বা সজাগ হ’ব আৰু চক্রটোৰ ধন সংগ্রহৰ বাট নােহােৱা হ’ব। তদুপৰি অশ্লীল ভিডিঅ’ ইউটিউবত আপলােড কৰাত বাধা নিষেধ আছে।

এতিয়ালৈকে দেশৰ হাজাৰ হাজাৰ লােক এনেধৰণৰ ভিডিঅ’ কলিং ব্লেকমেইলিঙৰ চিকাৰ হৈছে যদিও কাৰো ভিডিঅ’ ছচিয়েল মিডিয়াত আপলােড কৰাৰ নজিৰ নাই বুলি বিশেষজ্ঞসকলে জনাইছে। তথাপি এই চক্রটোৰ পৰা সম্পূর্ণ বাচি থাকিবলৈ অচিনাকি নম্বৰৰ পৰা অহা হােৱাটছএপ ভিডিঅ’ কল গ্ৰহণৰ পৰা বিৰত থকাটোৱেই সর্বোত্তম উপায় বুলি মত প্রকাশ কৰিছে। আনহাতে, এনে ভিডিঅ’ ৰেকর্ড কৰাৰ পিছত অচিনাকি নম্বৰৰ পৰা ক্রাইম ব্রাঞ্চৰ নাম লৈ, আৰক্ষীৰ নাম লৈ ফোন কৰি অধিক ভয় খুৱাবলৈ চেষ্টা কৰে বুলিও ভুক্তভােগীয়ে জনাইছে।
Published by: Sanjay Kumar Das
First published: October 28, 2020, 4:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading