কাজিৰঙাত ভোগালীৰ উৰুকাৰ মৎস্য চিকাৰৰ ক্ষেত্ৰত ১৪৪ ধাৰা জাৰি কৰিছিল প্ৰশাসনে।কিন্তু নামতহে কাৰ্যকৰী হ'ল ১৪৪ ধাৰা। ভোগালীৰ মৎস্য চিকাৰ কৰাৰ ক্ষেত্ৰত প্ৰশাসনে বাধা আৰোপ কৰিছিল যদিও অৱশেষত ৰাইজৰ ওচৰত সেও মানিলে বন বিভাগে। বৃহস্পতিবাৰৰ দিনটোত বুঢ়াপাহাৰ বনাঞ্চলৰ বিভিন্ন এলেকাত প্ৰতিবাদী গঞাৰ সমুখত হাৰ মানি অৱশেষত মৎস্য চিকাৰ কৰিবলৈ অনুমতি প্ৰদান কৰিবলৈ বাধ্য হৈছিল প্ৰশাসন তথা বন বিভাগ।
শুকুৰবাৰে পুৱা কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ অধীনৰ হালধিবাৰীৰ কালমুখৰ উদ্যানৰ সমীপৰ বিলত মৎস্য চিকাৰৰ অনুমতি প্ৰদান কৰিবলৈ বাধ্য হয় বন বিভাগ। আনহাতে, উদ্যানৰ শীৰ্ষ বিষয়াই অনুমতি প্ৰদান কৰাৰ পাছতো মাছ মাৰিবলৈ অহা একাংশ লোকক মাৰপিতৰ অভিযোগ কহঁৰাৰ বনাঞ্চলিক বিষয়া বিভূতি ৰঞ্জন গগৈৰ নেতৃত্বত অহা বন বিভাগৰ এটা দলৰ বিৰুদ্ধে।
বিষয়া ৰাকীৰ নেতৃত্বত একাংশ লোকক প্ৰহাৰ কৰি এখন চাইকেল ভঙাৰ লগতে মাছ ধৰিবলৈ যোৱা লোকৰ পৰা মাছ ধৰা সামগ্ৰী কাঢ়ি অনাৰ অভিযোগ উত্থাপিত হৈছে। বিষয়াগৰাকীৰ নেতৃত্বত স্থানীয় লোকক প্ৰহাৰ কৰাৰ পিছতেই ক্ষুব্ধ হৈ পৰে হাতিখুলী, হালধীবাৰী আদি অঞ্চলৰ পৰা যোৱা লোকসকল।বন বিভাগৰ মইমতালিৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি ভবিষ্যতে বিহুৰ সময়ত মৎস্য চিকাৰ কৰিবলৈ অনুমতি প্ৰদানৰ দাবী উত্থাপন কৰে লোকসকলে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|