• Home
  • »
  • News
  • »
  • assam
  • »
  • দুৰ্গোৎসৱৰ সময়ত কেতিয়া খুলিব কামাখ্যা মন্দিৰৰ মূল দ্বাৰ, বন্ধক লৈও সলনি সময়

দুৰ্গোৎসৱৰ সময়ত কেতিয়া খুলিব কামাখ্যা মন্দিৰৰ মূল দ্বাৰ, বন্ধক লৈও সলনি সময়

সবিশেষ জনালে কামাখ্যা দেৱালয় কৰ্তৃপক্ষই

সবিশেষ জনালে কামাখ্যা দেৱালয় কৰ্তৃপক্ষই

সবিশেষ জনালে কামাখ্যা দেৱালয় কৰ্তৃপক্ষই

  • Share this:

শাৰদীয় দুৰ্গোৎসৱৰ সময় সমাগত। ঐতিহাসিক পৰম্পৰা অনুসৰি ইতিমধ্যে মা কামাখ্যা ধামত আৰম্ভ হৈছে দুৰ্গা পূজাৰ ৰীতি-নীতি। জানিব পৰা মতে, যোৱা ২৯ ছেপ্টেম্বৰৰ পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ হৈছে পষেকজোৰা দুৰ্গা পূজা, যাৰ বাবে ইতিহাস বিজড়িত পৰম্পৰাৰে দেৱালয়ত চলিছে ধৰ্মীয় ৰীতি-নীতি।


উল্লেখ্য যে স্বাস্থ্য বিভাগে জাৰি কৰা ক'ভিড বিধি সম্পূৰ্ণৰূপে পালনেৰে আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱৰ ৰীতি-নীতিসমূহ। শনিবাৰে কামাখ্যা দেৱালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা এই কথা সংবাদ মাধ্যমক জনোৱা হয়। লগতে পষেকীয়া দুৰ্গোৎসৱ উপলক্ষে ২৩ আহিনৰ পৰা ২৮ আহিন অৰ্থাৎ ১০ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈকে ধৰ্মীয় ৰীতি-নীতি অনুসৰি চতুৰ্থীৰ পৰা দশমীলৈকে দৰ্শনাৰ্থীৰ বাবে মন্দিৰৰ মূল দ্বাৰ খোলা আৰু বন্ধৰ সময় সালসলনি হ'ব বুলিও কৰ্তৃপক্ষই জানিবলৈ দিয়ে।


মন্দিৰৰ দলৈয়ে  জনোৱা মতে, ৰীতি অনুসৰি অহা ১০ অক্টোবৰত চতুৰ্থ-পঞ্চমী উপলক্ষে পুৱা ১০ বাজি ৩০ মিনিটত মন্দিৰৰ দুৱাৰ মুকলি কৰাৰ বিপৰীতে সূৰ্যাস্তৰ পাছত বন্ধ কৰা হ'ব। একেদৰে ১১ অক্টোবৰত ষষ্ঠী উপলক্ষে পুৱা ৯ বজাত দুৱাৰ মুকলি কৰা হ'ব আৰু দুপৰীয়াৰ ১ বজাত ভোগ বিতৰণ কৰি আবেলি সূৰ্যাস্তৰ পাছত দুৱাৰ বন্ধ হ'ব।


ইফালে ১২ অক্টোবৰত সপ্তমী উপলক্ষে দিনা পুৱা ৯ বাজি ৩০ মিনিটত দুৱাৰ মুকলি কৰা হ'ব আৰু আবেলি সূৰ্যাস্তৰ পাছত বন্ধ হোৱাৰ বিপৰীতে ১৩ অক্টোবৰত অষ্টমী উপলক্ষে পুৱা ১০ বাজি ৩০ মিনিটত মন্দিৰৰ দুৱাৰ খুলি দিয়া হ'ব আৰু আবেলি ৩ বজাত দৰ্শনাৰ্থীৰ অপেক্ষাগৃহৰ দুৱাৰ বন্ধ হ'ব। ঠিক একেদৰেই ১৪ অক্টোবৰত নৱমী উপলক্ষে পুৱা ১০ বাজি ৩০ মিনিটত মন্দিৰৰ দুৱাৰ খোলাৰ বিপৰীতে সূৰ্যাস্তৰ পাছত বন্ধ হ'ব।


আনহাতে, ১৫ অক্টোবৰ অৰ্থাৎ দশমীৰ দিনা পুৱা ৯ বজাত দুৱাৰ মুকলি কৰা হ'ব আৰু দুপৰীয়াৰ ১ বজাত ভোগ বিতৰণ তথা আবেলি সূৰ্যাস্তৰ পাছত দ্বাৰ বন্ধ হ'ব। এই সকলো কথা এক জাননীযোগে কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ আগত অৱগত কৰে। শাৰদীয় দুৰ্গোৎসৱৰ সময়ছোৱাত মন্দিৰ সমিতিৰ সমূহ সিদ্ধান্তৰ লগতে ক'ভিড বিধি সম্পূৰ্ণৰূপে পালন কৰিবলৈ মন্দিৰ পৰিচালনাৰ হৈ দলৈয়ে সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে।

Published by:Gautam Barman
First published: