মুখ্যপৃষ্ঠা »খবৰ »অসম »পুনৰুজ্জীৱিতকৰণৰ সকলো আশা শেষ নগাঁও আৰু কাছাৰ কাগজ কলৰ। দুয়োটা কাগজ কলৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ।

পুনৰুজ্জীৱিতকৰণৰ সকলো আশা শেষ নগাঁও আৰু কাছাৰ কাগজ কলৰ। দুয়োটা কাগজ কলৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ।

১১৩৯ কোটি টকা ধাৰ্য কৰা হৈছে নগাঁও আৰু কাছাৰ কাগজ কলৰ নিলাম মুল্য ৷ কল দুটাৰ নিলাম প্ৰক্ৰিয়া সম্পন্ন হ'ব ৩০ জুনৰ ভিতৰত ৷

১১৩৯ কোটি টকা ধাৰ্য কৰা হৈছে নগাঁও আৰু কাছাৰ কাগজ কলৰ নিলাম মুল্য ৷ কল দুটাৰ নিলাম প্ৰক্ৰিয়া সম্পন্ন হ'ব ৩০ জুনৰ ভিতৰত ৷

১১৩৯ কোটি টকা ধাৰ্য কৰা হৈছে নগাঁও আৰু কাছাৰ কাগজ কলৰ নিলাম মুল্য ৷ কল দুটাৰ নিলাম প্ৰক্ৰিয়া সম্পন্ন হ'ব ৩০ জুনৰ ভিতৰত ৷

  • Share this:
সকলো জল্পনা কল্পনাৰ অন্ত  পেলাই অবশেষত বিক্ৰী হোৱাৰ দিশে নগাঁও আৰু কাছাৰ কাগজ কল। কাগজ কল দুটাৰ লিকুইডেটৰে আৰম্ভ কৰিছে নিলাম প্ৰক্ৰিয়া। কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ চকুপানীয়েও শেষ ৰক্ষা কৰিব নোৱাৰিলে অসমৰ এটাও কাগজ কল।  অন্ত পৰিল নগাঁও আৰু কাছাৰ কাগজ  কল কাৰ্যক্ষম কৰাৰ সকলো প্ৰচেষ্টা ৷

২০১৯ চনৰ ১৭ মাৰ্চৰ পৰা সম্পূৰ্ণ বন্ধ হৈ আছে কাগজ কল দুটা । বিগত বছৰবোৰত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে বিভিন্ন সময়ত বিভিন্ন ভাবে কাগজ কল দুট‍ পুনৰ কাৰ্যক্ষম কৰাৰ বহু প্ৰতিশ্ৰুতি দিছিলে । কিন্তু সকলো প্ৰতিশ্ৰুতিক অসাৰ প্ৰমাণ কৰি সোমবাৰে দেশৰ লিকুইডেটৰ কুলদীপ বাৰ্মাই  জাৰি কৰে কাগজ কল দুটাৰ নিলামৰ জাননী ৷

১১৩৯ কোটি টকা ধাৰ্য কৰা হৈছে নগাঁও আৰু কাছাৰ কাগজ কলৰ নিলাম মূল্য ৷ কল দুটাৰ নিলাম প্ৰক্ৰিয়া সম্পন্ন হ'ব লাগিব ৩০ জুনৰ ভিতৰত ৷

এই জাননী জ‍ৰি কৰাৰ লগে লগে গে হাইলাকান্দি জিলাৰ পাঁচগ্ৰামত থকা কাছাৰ কাগজ কল কৰ্মচাৰীৰ ভিতৰত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে দীৰ্ঘদিন ধৰি কলদুটাৰ কৰ্মচাৰীৰ লগতে বিভিন্ন দল সংগঠনে আন্দোলন কৰি আহিছিল । ইয়াৰ মাজতে হঠাতে কল দুটা বিক্ৰী কৰা প্ৰক্ৰিয়া আৰম্ভ কৰাত কলদুটাৰ লগত জড়িত কৰ্মচাৰী সকলৰ মূৰত আকাশী ভাগী পৰাৰ দৰে অৱস্থা হৈছে ।

যোৱা চাৰি বছৰত চাৰিজন কৰ্মচাৰীয়ে আত্মহত্যা কৰাৰ লগতে ৮৭ গৰাকী কৰ্মচাৰীয়ে বিনা চিকিৎসাই মৃত্যুক সাৱটিব লগা হৈছে । এনেদৰে নিলাম প্ৰক্ৰিয়া আৰম্ভ কৰাত কলটোৰ কৰ্মচাৰীয়ে আশ্চৰ্য আৰু ক্ষোভ প্ৰকাশ কৰে ।  উপায়হীন মিলটোৰ কৰ্মচাৰীয়ে অসম চৰকাৰক মিল দুটা ক্ৰয় কৰি উৎপাদনক্ষম কৰি তুলিবলৈ আহ্বান জনাইছে । যাতে কল দুটা ব্যক্তিগত খণ্ডলৈ গুচি নাযায় । লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ সময়ত দিয়া ১ লাখ নিবনুৱাক সংস্থাপনৰ প্ৰতিশ্ৰুতি পালন  কৰাৰ লক্ষ্যৰে এই কল দুটা ক্ৰয় কৰি পুনৰ কাৰ্যক্ষম কৰি তোলাৰ দাবী জনায় ।

শেহতীয়া বাতৰি