মুখ্যপৃষ্ঠা » খবৰ

» অসম

»শ্বেৰমানে অসমীয়াৰ ওপৰত ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছে, বোকাখাতত ক’লে অতুল বৰাই

শ্বেৰমানে অসমীয়াৰ ওপৰত ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছে, বোকাখাতত ক’লে অতুল বৰাই

News18 Assam | News18-Assam
Updated:October 26, 2020, 8:47 AM IST
শ্বেৰমানে অসমীয়াৰ ওপৰত ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছে, বোকাখাতত ক’লে অতুল বৰাই
জাতীয়তাবাদী শিবিৰ বুলি কৈ অজিত ভূঞাই জাতিৰ বাবে কি কৰিছে বুলিও প্ৰশ্ন কৰে বৰাই৷

জাতীয়তাবাদী শিবিৰ বুলি কৈ অজিত ভূঞাই জাতিৰ বাবে কি কৰিছে বুলিও প্ৰশ্ন কৰে বৰাই৷

  • Share this:
‘‘শ্বেৰমান আলীয়ে অসমীয়া জাতিৰ সাংস্কৃতিক সত্ত্বাৰ ওপৰত ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছে৷ অসম চুক্তিৰ ফলত হোৱা শংকৰদেৱ কলাক্ষেত্ৰত কোনো কাৰণতে মিঞা সংগ্ৰহালয় স্থাপন কৰিবলৈ দিয়া নহ’ব ৷" – বোকাখাতত এই মন্তব্য কৰে কেবিনেট মন্ত্ৰী অতুল বৰাই ৷

মন্ত্ৰী বৰাই শ্বেৰমান আলীক ভৱিষ্যতে তেনে মন্তব্য নিদিবৰ বাবেও আহ্বান জনাই৷ মিঞা সংগ্ৰহালয় স্থাপনৰ কথা ক’বলৈ অজিত ভূঞাৰ দৰে লোকৰ বাবেহে সাহস কৰিছে বুলিও কয় অতুল বৰাই৷ লগতে মন্ত্ৰীজনে অজিত ভূঞাক বাদুলী ফুকন বুলিও অভিহিত কৰে৷

জাতীয়তাবাদী শিবিৰ বুলি কৈ অজিত ভূঞাই জাতিৰ বাবে কি কৰিছে বুলিও প্ৰশ্ন কৰে বৰাই৷ শেহতীয়াভাৱে যিসকলে ৰাজনৈতিক দল খুলিছে তেওঁলোকে নাটক কৰা বুলি কৈ তাৰ ফলাফল বিধানসভাত পাব বুলি কয় মন্ত্ৰীগৰাকীয়ে৷ বদৰুদ্দিন আজমল কোনো কাৰণতে মুখ্যমন্ত্ৰী নহয় বুলিও কয় অতুল বৰাই ৷
Published by: Sanjay Kumar Das
First published: October 26, 2020, 8:47 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি